• Home
  • »
  • News
  • »
  • nation
  • »
  • উত্তৰাখণ্ডৰ পিথোৰাগড়ত ডাৱৰ বিস্ফোৰণৰ ফলত এজনৰ মৃত্যু, ৩০ টা বাসগৃহ ধ্বংস

উত্তৰাখণ্ডৰ পিথোৰাগড়ত ডাৱৰ বিস্ফোৰণৰ ফলত এজনৰ মৃত্যু, ৩০ টা বাসগৃহ ধ্বংস

জিলা দণ্ডাধীশ আশীষ চৌহানে এ এন আইক জনোৱা অনুসৰি, ‘ডাৱৰ বিস্ফোৰণ কাণ্ডত প্ৰায় ৩০ টা ঘৰ ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হৈছে।

  • Share this:
উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত মাজনিশা ভাৰত আৰু নেপাল সীমান্তৰ নিকটৱৰ্তী লাস্কো নদীত ডাৱৰ বিস্ফোৰণ কাণ্ডত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩০ টা বাসগৃহ ধ্বংসপ্ৰাপ্ত হয়।

জিলা দণ্ডাধীশ আশীষ চৌহানে এ এন আইক জনোৱা অনুসৰি, ‘ডাৱৰ বিস্ফোৰণ কাণ্ডত প্ৰায় ৩০ টা ঘৰ ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হৈছে।

ধাৰচুলাৰ কালী নৈত যোৱা নিশা বানপানীৰ ফলত ধাৰচুলা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত যথেষ্ট ক্ষতিসাধন হৈছে। বহু ঘৰ উটুৱাই নিয়াৰ লগতে বানপানীৰ বাবে একাংশ ঘৰ কেইবাবাৰো ক্ষতিগ্ৰস্ত হৈছে। আজি পুৱা নদীৰ প্ৰবল সোঁতৰ ফলত এটা অট্টালিকাও ভাঙি পানীত ডুব যায়।
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ দল ঘটনাস্থানত নিয়োজিত হৈ আছে বুলি মন্তব্য কৰে দণ্ডাধীশগৰাকীয়ে।

কালী নৈৰ বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতি ভাৰত আৰু নেপাল উভয়ৰে গাঁওসমূহত সংঘটিত হৈছে। ঘটনাৰ সবিশেষ সন্দৰ্ভত অধিক জানিবলৈ অপেক্ষা কৰা হৈছে।

ইয়াৰ পূৰ্বে ২০ আগষ্টত ডেৰাডুনত একেধৰণৰ ডাৱৰ বিস্ফোৰণৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল কাৰণ প্ৰচণ্ড পানীৰ প্ৰবাহে বিভিন্ন পথৰ ক্ষতি কৰাৰ খবৰ চৰ্চালৈ আহিছিল।

"আমি বিভিন্ন চৌহদত পানী প্ৰৱেশ কৰাৰ লগতে বহু অঞ্চলত পথৰ ক্ষয়-ক্ষতিৰ খবৰ পাইছো। এছডিআৰএফ আৰু এনডিআৰএফে সাহায্য আৰু উদ্ধাৰ আৰু পুনৰুদ্ধাৰ অভিযান চলাই আছে।" বুলি এছডিআৰএফ ডেৰাডুনৰ কমাণ্ডেণ্ট মণিকান্ত মিশ্ৰই প্ৰকাশ কৰে।

ইয়াৰ পিছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ডেৰাডুনৰ ৰাইপুৰৰ সৰখেট গাঁৱৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। পানীয়ে একাধিক সম্পত্তি ধুই পেলাই কেইবাটাও অট্টালিকাত প্ৰৱেশ কৰি সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত ব্যাঘাত জন্মাইছিল।

ধামীয়ে ডেৰাডুনকে ধৰি গড়ৱাল সংমণ্ডলত হোৱা ধাৰাসাৰ বৰষুণৰ পিছত সংঘটিত হোৱা বিধ্বংসী ডাৱৰ বিস্ফোৰণ সন্দৰ্ভত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু অন্যান্য প্ৰশাসনৰ বিষয়াসকলক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। লগতে মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট সকলো বিভাগক ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে।

"গাঁওখনত আবদ্ধ হৈ থকা সকলো লোককে উদ্ধাৰ কৰাৰ বিপৰীতে একাংশই ওচৰৰ এখন ৰিজ’ৰ্টত আশ্ৰয় লৈছিল।" বুলি এছডিআৰএফে প্ৰকাশ কৰে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি