• Home
  • »
  • News
  • »
  • nation
  • »
  • Uttarakhand Bus Accident: ভয়ংকৰ বাছ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ মিটাৰ তলত বাগৰি পৰিল বৰযাত্ৰী কঢ়িয়াই নিয়া বাছ, ২৫জন লোকৰ মৃত্যু

Uttarakhand Bus Accident: ভয়ংকৰ বাছ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ মিটাৰ তলত বাগৰি পৰিল বৰযাত্ৰী কঢ়িয়াই নিয়া বাছ, ২৫জন লোকৰ মৃত্যু

উত্তৰাখণ্ডৰ ডিজিপি অশোক কুমাৰে বাছ দুৰ্ঘটনাৰ তথ্য সদৰি কৰি কয় যে দুৰ্ঘটনাত ২৫জন লোকৰ মৃত্যু হৈছে, ২১জন লোকক উদ্ধাৰ কৰা হৈছে। সকলো আহত লোককে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

  • Share this:
উত্তৰাখণ্ডত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ ৫০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ২৫জন লোকৰ মৃত্যু হোৱাৰ উপৰি ২১জন লোকক উদ্ধাৰ কৰা হয়। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অতি দুৰ্গম স্থান হোৱা বাবে উদ্ধাৰ অভিযানত কিছু বাধাগ্ৰস্ত হোৱাৰ খবৰ আহিছে।

উত্তৰাখণ্ডৰ ডিজিপি অশোক কুমাৰে বাছ দুৰ্ঘটনাৰ তথ্য সদৰি কৰি কয় যে দুৰ্ঘটনাত ২৫জন লোকৰ মৃত্যু হৈছে, ২১জন লোকক উদ্ধাৰ কৰা হৈছে। সকলো আহত লোককে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

সংবাদ প্ৰতিষ্ঠান ANIৰ সৈতে বাৰ্তালাপত তেওঁ কয়, ‘‘মঙলবাৰে নিশা পৌড়ী গঢ়ৱালৰ ধুমকোটৰ বিৰোংখল অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাটো। আৰক্ষী আৰু এছডিআৰএফৰ দলে ২১জন যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাছখনত ৪৫ৰ পৰা ৫০জন লোক আছিল বুলি জানিব পৰা গৈছে।’’

জানিব পৰা মতে, বৰযাত্ৰী কঢ়িয়াই নিয়া বাছখন লালঢাঙৰ পৰা কাড়া তল্লালৈ গৈ আছিল। পৌড়ী গঢ়ৱাল জিলাৰ ছিমৰী গাঁৱৰ সমীপত ৰিখনীখাল–বিৰোংখাল পথত চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত বাছখন গভীৰ খাৱৈত বাগৰি পৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। পিছত এছডিআৰএফৰ দলো ঘটনাস্থলীত উপস্থিত হয়। ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী পুষ্কৰ ধামীয়ে এছডিআৰএফক শীঘ্ৰে উদ্ধাৰ অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি