মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Unnao: ঘৰত সোমাই চোকা অস্ত্ৰৰে যুৱকৰ যৌনাংগ কাটিলে এদল দুষ্কৃতিকাৰীয়ে!

Unnao: ঘৰত সোমাই চোকা অস্ত্ৰৰে যুৱকৰ যৌনাংগ কাটিলে এদল দুষ্কৃতিকাৰীয়ে!

News18 Assam | News18-Assam
Updated:October 10, 2021, 11:11 AM IST
Unnao: ঘৰত সোমাই চোকা অস্ত্ৰৰে যুৱকৰ যৌনাংগ কাটিলে এদল দুষ্কৃতিকাৰীয়ে!
Unnao, Unknown Criminals Cut Youth's Private Part: উন্নাওৰ মৌৰাওয়ান আৰক্ষী চকীৰ অন্তৰ্গত গৌৰী গাঁৱত পৰিয়ালৰ সৈতে থাকে যুৱকজন। যুৱকজনৰ নাম কমলেশ বুলি জানিব পৰা গৈছে।

Unnao, Unknown Criminals Cut Youth's Private Part: উন্নাওৰ মৌৰাওয়ান আৰক্ষী চকীৰ অন্তৰ্গত গৌৰী গাঁৱত পৰিয়ালৰ সৈতে থাকে যুৱকজন। যুৱকজনৰ নাম কমলেশ বুলি জানিব পৰা গৈছে।

  • Share this:
উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। চোকা অস্ত্ৰৰে যুৱকৰ যৌনাংগ কাটি পেলালে এদল দুষ্কৃতিকাৰীয়ে। যুৱকৰ দলটো ঘৰত সোমাই সংঘটিত কৰে এই কাণ্ড। বৰ্তমানলৈকে পৰিচয় ওলোৱা নাই যুৱকৰ দলটোৰ। যোৱা দেওবাৰে বিয়লি এই ঘটনা সংঘটিত হৈছিল বুলি জনাইছে আৰক্ষীয়ে।

উন্নাওৰ মৌৰাওয়ান আৰক্ষী চকীৰ অন্তৰ্গত গৌৰী গাঁৱত পৰিয়ালৰ সৈতে থাকে যুৱকজন। যুৱকজনৰ নাম কমলেশ বুলি জানিব পৰা গৈছে। লক্ষ্ণৌৰ এখন হাস্পতালত বৰ্তমানো চিকিৎসা চলি আছে যুৱকজনৰ। অৱস্থা বৰ্তমান সংকটজনক।

উন্নাওৰ ASP শশী শেখৰ সিঙে জনাইছে যে, 'আমাৰ ডগ স্কোৱাড বৰ্তমান দুষ্কৃতিকাৰীৰ সন্ধানত নামি পৰিছে। এজন সন্দেহজনক লোকক এই পৰ্যন্ত চিহ্নিত কৰা হৈছে।'

জনা গৈছে যে, ঘৰত সোমাই প্ৰথমে যুৱকৰ দলটোৱে কমলেশক মাৰধৰ কৰে। পিছত চোকা অস্ত্ৰৰে তেওঁৰ যৌনাংগ কাটি পলাই যায়। ঘটনাৰ সময়ত ঘৰৰ বাৰান্দাত শুই আছিল কমলেশ। ঘৰৰ অন্যান্য লোকে দুষ্কৃতিকাৰীৰ দলটোক ধৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল। পিছে এই ঘটনা কিয় সংঘটিত হ'ল, সেইলৈ এতিয়া আৰক্ষীয়ে চলাই আছে অনুসন্ধান।
Published by: Himangshu Bhuyan
First published: October 10, 2021, 11:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি