• Home
  • »
  • News
  • »
  • nation
  • »
  • চিনাকী দিলে পৰ্যটক বুলি! আৰক্ষীৰ চকুত ধূলি দি লখিমপুৰৰ খেৰীত নিশা কটাই আহিলে সুস্মিতা দেবসহ TMCৰ দল, বুজ ল'লে পৰিস্থিতিৰ

চিনাকী দিলে পৰ্যটক বুলি! আৰক্ষীৰ চকুত ধূলি দি লখিমপুৰৰ খেৰীত নিশা কটাই আহিলে সুস্মিতা দেবসহ TMCৰ দল, বুজ ল'লে পৰিস্থিতিৰ

উত্তৰ প্ৰদেশ আৰক্ষীয়ে তীব্ৰ বেষ্টনী গঢ়ি তোলা অগ্নিগৰ্ভা লখিমপুৰ খেৰীত সোমাব পৰা নাই বিৰোধী দলৰ কোনো বিয়াগোম নেতা। তাৰ মাজতে কিন্তু আৰক্ষীৰ চকুত ধুলি দি সেই স্থানত প্ৰৱেশ কৰিলে তৃণমূল কংগ্ৰেছৰ এটা ৫জনীয়া সাংসদৰ দলে।

  • Share this:
উত্তৰ প্ৰদেশ আৰক্ষীয়ে তীব্ৰ বেষ্টনী গঢ়ি তোলা অগ্নিগৰ্ভা লখিমপুৰ খেৰীত সোমাব পৰা নাই বিৰোধী দলৰ কোনো বিয়াগোম নেতা। তাৰ মাজতে কিন্তু আৰক্ষীৰ চকুত ধুলি দি সেই স্থানত প্ৰৱেশ কৰিলে তৃণমূল কংগ্ৰেছৰ এটা ৫জনীয়া সাংসদৰ দলে। কেৱল প্ৰৱেশ কৰাই নহয় মৃত ব্যক্তি সকলৰ পৰিয়ালক সাক্ষাৎ কৰি অঞ্চলটোত বিৰাজ কৰা চেপা উত্তেজনাৰ বুজ ল’লে দলটোৱে । এই সঁজাতী দলটোৰ এগৰাকী অন্যতম সদস্য হৈছে ৰাজ্যসভাৰ সাংসদ শিলচৰৰ সুস্মিতা দেৱ ।

লখিমপুৰ খেৰী পাবলৈকে সোমবাৰে উৰে নিশা দিল্লীৰ পৰা ১৪ ঘণ্টা গাড়ীৰে যাত্ৰা কৰিছিল সাংসদৰ দলটো। আৰক্ষীৰ চেক পোষ্ট সমূহত নিজকে চিনাকি দিছিল পৰ্যটক বুলি। এনেদৰেই পুলিচৰ চকুত ধূলি দি সেই স্থান পাইছিল দলটো। পুলিচত হাতত ধৰা নপৰিবলৈ তেওঁলোকে এটা নিশা কটাইছিল লখিমপুৰ খেৰীত আৰু মঙলবাৰে পুৱাই উপস্থিত হৈছিল নিহত ২০বছৰীয়া লৱপ্ৰীত সিং আৰু ৬০বছৰীয়া নচত্তৰ সিঙৰ বাসগৃহত ।

ৰাজ্যসভাৰ সাংসদ ডোলা সেনে জনোৱা মতে, যেতিয়া দলটোৱে সাক্ষাৎ সামৰি দিল্লীলৈ ঘূৰি আহিবলৈ যু-জা চলাইছিল তেতিয়াহে আৰক্ষী অৱগত হৈছিল। সুস্মিতা দেৱ আৰু ডোলা সেনৰ বাদে দলটোৰ আন কেইজন সদস্য হৈছে লোকসভা সাংসদ কাকলি ঘোষ দস্তিদাৰ আৰু প্ৰতিমা মণ্ডল তথা ৰাজ্যসভাৰ সাংসদ অবিৰ ৰঞ্জন বিশ্বাস ।

সাক্ষাতৰ অন্তত সেনে সংবাদ মাধ্যমত কয় – স্বাধীনতা ৭৫বছৰৰ পিছতো বিধায়ক তথা সাংসদসকলে আইন ৰক্ষা কৰাৰ পৰিৱৰ্তে হত্যাৰ নিচিনা জঘন্য অপৰাধত লিপ্ত হৈছে আৰু অনায়াসে অপৰাধ গাপ দিছে; ই দুৰ্ভাগ্যজনক ।

উল্লেখযোগ্য যে, লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ আঁৰত গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীস মিশ্ৰ প্ৰত্যক্ষ ভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে সেই স্থানলৈ ৰাজনৈতিক নেতা সমূহ যোৱাত  বাধা আৰোপ কৰিছে। কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীকো আদবাটত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
Published by:Himangshu Bhuyan
First published: