• Home
  • »
  • News
  • »
  • nation
  • »
  • সাংঘাতিক ঘটনা! ৭ ঘণ্টা মৰ্গৰ ফ্ৰিজাৰত থকাৰ পিছত জীয়াই উঠিল ‘মৃত’ লোক

সাংঘাতিক ঘটনা! ৭ ঘণ্টা মৰ্গৰ ফ্ৰিজাৰত থকাৰ পিছত জীয়াই উঠিল ‘মৃত’ লোক

মোৰাদাবাদত এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত এজন লোকক হাস্পতাললৈ নিয়াৰ পিছত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে।

মোৰাদাবাদত এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত এজন লোকক হাস্পতাললৈ নিয়াৰ পিছত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে।

মোৰাদাবাদত এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত এজন লোকক হাস্পতাললৈ নিয়াৰ পিছত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে।

  • Share this:
উত্তৰ প্ৰদেশৰ মোৰাদাবাদ (Moradabad)ত সাংঘাতিক কাণ্ড! জীৱিত ব্যক্তিকেই ‘মৃত’ বুলি ঘোষণা কৰি মৰ্গৰ ফ্ৰিজাৰত ৰখা হৈছিল। প্ৰায় ৭ ঘণ্টা ধৰি এইদৰে ৰখাৰ পিছত জনা যায় যে লোকজন জীৱিত! এই কাণ্ডই স্ৱাভাৱিকতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

মোৰাদাবাদত এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত এজন লোকক হাস্পতাললৈ নিয়াৰ পিছত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে। দেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰ্গলৈ পঠিয়াই দিয়া হয়। তাত ‘মৃতদেহ’টো ফ্ৰিজাৰত ৰখা হয় প্ৰায় ৭ ঘণ্টা। ইয়াৰ পিছত মৰ্গত পৰিয়ালৰ লোক অহাত এজন সদস্যই দেখিলে যে দেহটো লৰচৰ কৰিছে। লগে লগে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আত্মীয়জনে। ইয়াৰ পিছতে বুজা যায়, কি সাংঘাতিক ঘটনা ঘটিল। ফ্ৰিজাৰৰ পৰা উলিয়াই লোকজনৰ চিকিৎসা আৰম্ভ কৰা হয়। চেতনা ঘূৰি নাহিলেও লোকজন বিপদমুক্ত বুলি জনাইছে চিকিৎসকে।

কিন্তু কিদৰে ইমান ডাঙৰ ভুল এটা কৰিলে চিকিৎসকে, তাক লৈ উঠিছে প্ৰশ্ন। এখন ব্যক্তিগত চিকিৎসালয়লৈ দুৰ্ঘটনাৰ পিছত লোকজনক লৈ যোৱাত তাত চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে। কিন্তু আচৰিত কথাটো হ’ল, সাত ঘণ্টা ধৰি ফ্ৰিজাৰত থকাৰ পিছতো কিদৰে বাচিল লোকজন। আচলতে মৃত্যু নাহিলে হয়তো এনেকুৱাই হয়।
Published by:Sanjay Kumar Das
First published: