মুখ্যপৃষ্ঠা »খবৰ »দেশ »BJPএ গণতন্ত্ৰক বিশ্বাস নকৰে, বিজেপিয়ে কেৱল স্বেচ্ছাচাৰী শাসন চলাব জানে: লখিমপুৰৰ খেৰী হত্যাকাণ্ডক গৰিহণা দি মন্তব্য মমতা বেনাৰ্জীৰ

BJPএ গণতন্ত্ৰক বিশ্বাস নকৰে, বিজেপিয়ে কেৱল স্বেচ্ছাচাৰী শাসন চলাব জানে: লখিমপুৰৰ খেৰী হত্যাকাণ্ডক গৰিহণা দি মন্তব্য মমতা বেনাৰ্জীৰ

"বিজেপিয়ে গণতন্ত্ৰক বিশ্বাস নকৰে, বিজেপিয়ে কেৱল স্বেচ্ছাচাৰী শাসন চলাব জানে"- এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰী হত্যাকাণ্ডক গৰিহণা দি মমতা বেনাৰ্জীয়ে এই মন্তব্য কৰে। 

  • Share this:

উল্লেখযোগ্য যে, উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচন কাষ চপাৰ লগে লগে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰ প্ৰদেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰতি আক্ৰমণাত্মক হৈ উঠিছে মমতা বেনাৰ্জী। শেহতীয়াকৈ উত্তৰপ্ৰদেশৰ লখিমপুৰত ৪গৰাকী কৃষকসহ ৮জন লোক নিহত হোৱা ঘটনাৰ দোষ বিজেপিলৈ ঠেলি মমতা বেনাৰ্জীয়ে যোগীৰ শাসনকালত উত্তৰপ্ৰদেশত হত্যাৰাজ চলাৰো অভিযোগ তোলে। দেওবাৰে লখিমপুৰৰ খেৰীত কৃষকৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাত ৮জন লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পিছতে সোমবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীসহ বহু শীৰ্ষ কংগ্ৰেছীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে নিহত কৃষক পৰিয়ালৰ ঘৰতো পৰিস্থিতিৰ বুজ লয়।

উল্লেখযোগ্য যে, উত্তৰপ্ৰদেশৰ  উপ-মুখ্য মন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্যৰ খেৰী ভ্ৰমণৰ সময়তে এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল। প্ৰতিবাদী কৃষকক এখন গাড়ীয়ে মহতিয়াই নিয়াৰ লগতে একাংশ অচিনাক্ত বন্দুকধাৰীয়ে কৃষকলৈ গুলীচালনা কৰাৰ ফলত ৮ জন লোক নিহত হৈছিল। উত্তৰপ্ৰদেশ চৰকাৰে ইয়াক এক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিয়াৰ লগতে ন্যায়িক তদন্তৰো নিৰ্দেশ দিছে।

শেহতীয়া বাতৰি