• Home
  • »
  • News
  • »
  • nation
  • »
  • আমি ওলালোঁ... CM যোগীৰ কান্ধত PM মোদীৰ হাত, সাধাৰণ ফটো নহয় এইখন!

আমি ওলালোঁ... CM যোগীৰ কান্ধত PM মোদীৰ হাত, সাধাৰণ ফটো নহয় এইখন!

মোদী-যোগী

মোদী-যোগী

Yogi-Modi Photo Viral : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (Yogi Adityanath) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi)) সৈতে এখন ফটো শ্বেয়াৰ কৰিছে।

  • Share this:
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (Yogi Adityanath) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi)) সৈতে এখন ফটো শ্বেয়াৰ কৰিছে। এই ছবিখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগী আদিত্যনাথৰ কান্ধত হাত থৈ গৈ থকা দেখা গৈছে। যোগী আদিত্যনাথে শ্বেয়াৰ কৰিছে এই ফটোখন। ফটোখন শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী যোগীয়ে লিখিছে, আমি ওলালো লে এক পণ, আমাৰ তন-মন সকলো কৰি অৰ্পণ, জিদ কৰিছো নতুন সূৰ্যোদয় হ'ব, আকাশৰো ওপৰলৈ যাব লাগিব, এখন নতুন ভাৰত গঢ়িব লাগিব (हम निकल पड़े हैं प्रण करके, अपना तन-मन अर्पण करके, जिद है एक सूर्य उगाना है, अम्बर से ऊँचा जाना है, एक भारत नया बनाना है)।" শ্বেয়াৰ কৰাৰ পিছতে ফটোখন ভাইৰেল হৈ পৰিছে (Yogi-Modi Photo Viral) ।



এইখন সাধাৰণ ফটো নহয়। এই ফটোখনৰ আছে ডাঙৰ মহত্ব। এই ফটোখনৰ পিছত আৰু কাকো কোৱাৰ প্ৰয়োজন নাই যে আগন্তুক উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিজেপিৰ মুখ কোন হ'ব। এই ফটোখনে স্পষ্ট কৰি দিলে যে মোদী-যোগী য়ুটিয়েই আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ গুৰি ধৰিব।

এই ফটোখনে স্পষ্ট কৰি দিলে যে উত্তৰ প্ৰদেশত এইবাৰো মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী যোগীয়েই হ'ব। লগতে মোদী-যোগীৰ কেমেষ্ট্ৰীক লৈয়েই যে বিজেপি নিৰ্বাচনত অৱতীৰ্ণ হ'সেয়াও স্পষ্ট হৈ পৰিল।

এই ফটোখনে মুখ্যমন্ত্ৰী যোগীৰ ওপৰত মোদীৰ আস্থা আৰু বিশ্বাসক প্ৰতিফলিত কৰে। জানিব পৰা মতে গৃহ মন্ত্ৰী অমিত শ্বাহ যোগৰ কাম-কাজক লৈ সন্তুষ্ট নহয়। বিৰোধী শিবিৰতো হেনো এই কথাতো চৰ্চা হৈছে। তেনেস্থলত যোগীৰ কান্ধত মোদীৰ হাত মানেই যোগী নিষ্কণ্টক।

কেইদিনমান পূৰ্বে পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ উদ্ঘাটনৰ দিনা অখিলেশ যাদৱে এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল যিটোত মুখ্যমন্ত্ৰী যোগীক মোদীৰ গাড়ীৰ পিছে পিছে অকলে অকলে বেগাই খোজকাঢ়ি আহি কা দেখা গৈছিল। এই ফটোখন সেই ভিডিঅ'টোৰ উত্তৰ বুলিও কৈছে বহুজনে।



আনহাতে সমাজবাদী পাৰ্টীয়ে এই ফটোৰ অৰ্থ ভাঙিছে অন্য ৰূপত, লিখিছে- "শুনা তোমাৰ দ্বাৰা নহ'ব, এইবাৰ অখিলেশেই আহিব!"



কংগ্ৰেছেও ফটোখনক লৈ কৰিছে তাচ্ছিল্য- "আপুনি ওলাইছে নে আপোনাক উলিয়াই দিছে?"
Published by:Manjumoni Borah
First published: