உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • UP Election: উত্তৰ প্ৰদেশত বিজেপি মন্ত্ৰীৰ লটিঘটি, দৌৰি দৌৰি গ'ল মনোনয়ন দাখিল কৰিবলৈ, চাওক ভিডিঅ'

    UP Election: উত্তৰ প্ৰদেশত বিজেপি মন্ত্ৰীৰ লটিঘটি, দৌৰি দৌৰি গ'ল মনোনয়ন দাখিল কৰিবলৈ, চাওক ভিডিঅ'

    Upendra Tiwari, Sports Minister UP

    Upendra Tiwari, Sports Minister UP

    UP Election: দৌৰি দৌৰি মনোনয়ন দাখিল কৰিবলৈ গ’ল উত্তৰ প্ৰদেশৰ ক্ৰীড়া মন্ত্ৰী উপেন্দ্ৰ তিৱাৰী (UP Sports Minister Upendra Tiwari)য়ে।

    • Share this:
    মনোনয়ন দাখিল কৰিবলৈ গৈ লটিঘটি নিৰ্বাচনী প্ৰৰ্থীৰ। কমেডী চিনেমাৰ দৰে দৃশ্য উত্তৰ প্ৰদেশত । দৌৰি দৌৰি মনোনয়ন দাখিল কৰিবলৈ গ’ল উত্তৰ প্ৰদেশৰ ক্ৰীড়া মন্ত্ৰী উপেন্দ্ৰ তিৱাৰী (UP Sports Minister Upendra Tiwari)য়ে। মূৰত পাগুৰী ডিঙিত মালা লৈ দৌৰি দৌৰি উপায়ুক্তৰ কাৰ্যালয়লৈ ঢাপলি মেলিছে উপেন্দ্ৰ তিৱাৰীয়ে। চাওক ভিডিঅ’



    শুকুৰবাৰে বিয়লি ৩ বজাত আছিল মনোনয়ন দাখিলৰ অন্তিম দিনৰ অন্তিম সময়। কিন্তু নিৰ্বাচনী প্ৰচাৰ সভাত ব্যস্ত থাকোতে পলম হ’৸ল ক্ৰীড়া মন্ত্ৰী উপেন্দ্ৰ তিৱাৰীৰ। উত্তৰ প্ৰদেশৰ বালিয়া (Ballia) জিলাত এই ঘটনা। ফেফনা (Phephna) সমষ্টিৰ BJP প্ৰাৰ্থী হৈছে উপেন্দ্ৰ তিৱাৰী। উপায়ুক্তৰ কাৰ্যালয়ৰ গেটৰ পৰা নমিনেচন হললৈ এনেদৰে দৌৰি দৌৰি গ’৸ল উপেন্দ্ৰ তিৱাৰী। ১১ ফেব্ৰুৱাৰীত ফেফনা সমষ্টিত নিৰ্বাচন হ’৸ব।
    Published by:Manjumoni Borah
    First published: