কিমান নৃশংস আছিল আঢ়ৈ বছৰীয়া কণমানিৰ হত্যাকাণ্ড

পষ্ট’মৰ্টেম ৰিপৰ্টে দিছে ভয়ংকৰ তথ্য।

news18assam
Updated:June 8, 2019, 5:06 PM IST
কিমান নৃশংস আছিল আঢ়ৈ বছৰীয়া কণমানিৰ হত্যাকাণ্ড
পষ্ট’মৰ্টেম ৰিপৰ্টে দিছে ভয়ংকৰ তথ্য।
news18assam
Updated: June 8, 2019, 5:06 PM IST
উত্তৰপ্ৰদেশৰ আলীগড়ত অতি নৃশংসভাৱে হত্যা কৰা হ’ল এগৰাকী আঢ়ৈ বছৰীয়া কণমানিক । শিশুটিৰ পিতৃয়ে এজন ব্যক্তিৰ পৰা ধাৰে লোৱা ১০ হাজাৰ টকা নিৰ্দিষ্ট সময়ত ধনখিনি উভতাই দিব নোৱাৰাৰ বাবে লোকজনে যোৱা ৩১ মে’ত টকা ধাৰে লোৱা লোকজনৰ আঢ়ৈ বছৰীয়া শিশুটিক অপহৰণ কৰি হত্যা কৰে! পিছত  জাৱৰৰ দমৰ মাজত উদ্ধাৰ হয় আঢ়ৈ বছৰীয়া কন্যা শিশুটিৰ মৃতদেহ।

কণমানিজনীৰ মৃতদেহ উদ্ধাৰত পিছত এতিয়া পষ্ট’মৰ্টেম ৰিপৰ্টে দিছে ভয়ংকৰ তথ্য। অতি বৰ্বৰ ভাবে কণমানিজনীৰ ওপৰত আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে। ইমানেই বৰ্বৰ আছিল যে দুৰ্বৃত্তৰ দলটোৰ প্ৰহাৰত কণমানিজনীয়ে বুকুত আঘাত পোৱোৰ লগতে বুকুৰ কামিহাড়ো ভাঙি যায়, আক্ৰমণত মূৰ আৰু ভৰিতো গুৰুতৰভাৱে আঘাত পাইছিল কণমানিজনীয়ে। ইমানতে ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে কণমানিজনীৰ এখন হাতো কাটি দিয়ে। আৰু এনেদৰে অতি নিষ্ঠুৰ ভাৱে হত্যা কৰে আঢ়ৈ বছৰীয়া কণমানি ছোৱালীজনীক।

 


আৰু চাওক পৰৱৰ্তী বাতৰি