আঢ়ৈ বছৰীয়া কণমানিক হত্যা কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

ধাৰে লোৱা ধন উভতাই দিব নোৱাৰৰ বাবেই হত্যা কৰা হ’ল আঢ়ৈ বছৰীয়া কণমানিক। গ্ৰেপ্তাৰৰ পিছতেই এতিয়া উদঘাটন হৈছে নতুন নতুন ৰহস্য।


Updated:June 7, 2019, 5:54 PM IST
আঢ়ৈ বছৰীয়া কণমানিক হত্যা কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ
ধাৰে লোৱা ধন উভতাই দিব নোৱাৰৰ বাবেই হত্যা কৰা হ’ল আঢ়ৈ বছৰীয়া কণমানিক। গ্ৰেপ্তাৰৰ পিছতেই এতিয়া উদঘাটন হৈছে নতুন নতুন ৰহস্য।

Updated: June 7, 2019, 5:54 PM IST
পিতৃয়ে লোৱা ১০ হাজাৰ টকাই কাল হ’ল এগৰকী কণমানিৰ! উত্তৰ প্ৰদেশৰ আলীগড় শিশু হত্যাৰ ঘটনাই এতিয়া লৈছে নতুন মোৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এতিয়া উদঘাটন হৈছে নতুন নতুন তথ্য। শিশুটিৰ পিতৃয়ে  ধাৰে লোৱা টকা উভতাই দিব নোৱাৰৰ বাবেই সংঘটিত হ’ল এক জঘন্য হত্যাকাণ্ড।জানিব পৰা মতে, শিশুটিৰ পিতৃয়ে এজন ব্যক্তিৰ পৰা ১০ হাজাৰ টকা ধাৰলৈ লৈছিল। কিন্তু নিৰ্দিষ্ট সময়ত ধনখিনি উভতাই দিব নোৱাৰাৰ বাবে লোকজনে যোৱা ৩১ মে’ত টকা ধাৰে লোৱা লোকজনৰ আঢ়ৈ বছৰীয়া শিশুটিক অপহৰণ কৰি হত্যা কৰে!।  জাৱৰৰ দমৰ মাজত উদ্ধাৰ হয় আঢ়ৈ বছৰীয়া কন্যা শিশুটিৰ মৃতদেহ।

উল্লেখ্য যে, আলীগড়ৰ টপ্পলত এটি আঢ়ৈ বছৰীয়া কন্যা শিশুৰ  মৃতদেহ জাৱৰৰ দমৰ মাজত উদ্ধাৰ হোৱা পিছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।পিছত আৰক্ষীয়ে শিশুটিৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ পিছত ডিঙি চেপি হত্যা কৰা বুলি নিশ্চিত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহে শিশুটিৰ হত্যাৰ কাৰণ।তথ্য অনুসৰি আৰক্ষীয়ে অভিযুক্ত দুজনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আইনৰ অধীনত তদন্ত চলাই গোচৰ ফাষ্টট্ৰেক আদালতলৈ প্ৰেৰণ কৰিব বুলিও জানিব পৰা গৈছে।

ঘটনা পোহৰলৈ অহাৰ পিছতেই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। হত্যাকাণ্ডত জড়িত অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ পোষকতা কৰিছে এতিয়া সকলোৱে। ঘটনা সন্দৰ্ভত টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। আৰক্ষীয়েও ঘটনাৰ অধিক তথ্য সংগ্ৰহৰ বাবে এতিয়া জেৰি কৰিছে দুই অভিযুক্তক।
আৰু চাওক পৰৱৰ্তী বাতৰি