মহিলাক ডিঙি চেপি হত্যা, তাৰ পিছত মৃতদেহত বলাৎকাৰ, আৰক্ষীৰ জালত অভিযুক্ত

মহিলাগৰাকীক অকলশৰে পাই আক্ৰমণ কৰিছিল আৰু শাড়ীৰে ডিঙি চেপি হত্যা কৰিছিল। হত্যাৰ পিছত মহিলাগৰাকীৰ মৃতদেহৰ ওপৰত চৰিতাৰ্থ কৰিছিল নিজৰ অসৎ অভিপ্ৰায়।

News18-Assam
Updated:October 14, 2019, 8:54 AM IST
মহিলাক ডিঙি চেপি হত্যা, তাৰ পিছত মৃতদেহত বলাৎকাৰ, আৰক্ষীৰ জালত অভিযুক্ত
মহিলাগৰাকীক অকলশৰে পাই আক্ৰমণ কৰিছিল আৰু শাড়ীৰে ডিঙি চেপি হত্যা কৰিছিল। হত্যাৰ পিছত মহিলাগৰাকীৰ মৃতদেহৰ ওপৰত চৰিতাৰ্থ কৰিছিল নিজৰ অসৎ অভিপ্ৰায়।
News18-Assam
Updated: October 14, 2019, 8:54 AM IST
উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত সংঘটিত হৈছে এজ জঘন্য ঘটনা। এগৰাকী মহিলাক ডিঙি চেপি হত্যা কৰাৰ পিছত বলাৎকাৰ কৰাৰ দৰে ঘৃণনীয় ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক।

আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি, হাইদৰাবাদ থানাৰ অন্তৰ্গত এখন গাঁৱত ১১ অক্টোবৰত খেতিপথাৰত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত ডিঙি চেপি হত্যা আৰু বলাৎকাৰৰ কথা পোহৰলৈ আহে। আৰক্ষীয়ে তদন্ত চলাই গংগাৰাম নামৰ এজন মূকবধিৰ লোকক গ্ৰেপ্তাৰ কৰে। বিশেষজ্ঞৰ দ্বাৰা কৰা জেৰাত লোকজনে নিজৰ দুষ্কাৰ্যৰ কথা স্বীকাৰ কৰে।

আৰক্ষীৰ মতে, ভুক্তভোগী মহিলাগৰাকীয়ে যেতিয়া বেংকৰ পৰা ধন উলিয়াই খেতিপথাৰৰ কাষেৰে গৈ আছিল। সেই সময়ত গংগাৰামে পথাৰত কাম কৰি আছিল। সোধা–পোছাত গংগাৰামে প্ৰকাশ কৰে যে তেওঁ মহিলাগৰাকীক অকলশৰে পাই আক্ৰমণ কৰিছিল আৰু শাড়ীৰে ডিঙি চেপি হত্যা কৰিছিল। হত্যাৰ পিছত মহিলাগৰাকীৰ মৃতদেহৰ ওপৰত চৰিতাৰ্থ কৰিছিল নিজৰ অসৎ অভিপ্ৰায়। ঘটনা সন্দৰ্ভত গংগাৰামৰ ওপৰত ৰুজু কৰা হৈছে গোচৰ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি