• Home
  • »
  • News
  • »
  • nation
  • »
  • কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশত গৃহবন্দী, মোবাইল ফোনতেই কংগ্ৰেছ কৰ্মীৰ মাজত ভাষণ দিলে প্ৰিয়ংকাই

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশত গৃহবন্দী, মোবাইল ফোনতেই কংগ্ৰেছ কৰ্মীৰ মাজত ভাষণ দিলে প্ৰিয়ংকাই

উত্তৰ প্ৰদেশৰ শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকাত প্ৰিয়ংকা গান্ধী বাদ্ৰাসহ ১১জন কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

উত্তৰ প্ৰদেশৰ শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকাত প্ৰিয়ংকা গান্ধী বাদ্ৰাসহ ১১জন কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

উত্তৰ প্ৰদেশৰ শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকাত প্ৰিয়ংকা গান্ধী বাদ্ৰাসহ ১১জন কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

  • Share this:
উত্তৰ প্ৰদেশৰ খেৰী হত্যাকাণ্ডৰ বিৰোধিতাৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশৰ সীতাপুৰত গৃহবন্দী কৰা হৈছে। উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ গাড়ীৰ চেপাত উত্তৰ প্ৰদেশৰ খেৰীত কৃষক নিহত হোৱাৰ বিৰুদ্ধে প্ৰিয়ংকা গান্ধীয়ে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত প্ৰতিবাদ কৰিছিল। ইয়াৰ পিছতে তেওঁক সীতাপুৰৰ পিএচি হাউছত গৃহবন্দী কৰা হৈছে।

আনহাতে, গৃহবন্দীত্বৰ সন্মুখীন হোৱা প্ৰিয়ংকা গান্ধীয়ে মোবাইল ফোনযোগেই পিএচি হাউছৰ সন্মুখত সমবেত হোৱা সমৰ্থকসকলক ভাষণ প্ৰদান কৰি কয়, "কৃষকৰ বাবেই আজি দেশখন চলি আছে। আজিও এজন কৃষকৰ পুত্ৰ দেশৰ বাবে শ্বহীদ হৈছে। কিন্তু এইখন দেশৰ কাপুৰুষ চৰকাৰৰ গৃহমন্ত্ৰীৰ পুত্ৰই  কৃষকৰ দেহৰ ওপৰেদি গাড়ী চলাই আৰু তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মহিলাক গৃহবন্দী কৰে। মোদীজী এয়াই নেকি আপোনাৰ নৈতিকতা?"

শান্তি ভংগৰ আশংকাত প্ৰিয়ংকা সহ ১১জন কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু:

উত্তৰ প্ৰদেশৰ শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকাত প্ৰিয়ংকা গান্ধী বাদ্ৰাসহ ১১জন কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ লগতে দ্বীপেন্দ্ৰ হুদা, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি অজয় কুমাৰ লাল্লু, সন্দীপ, ৰাজ কুমাৰ, দীপক সিংসহ ১১জন নেতাৰ বিৰুদ্ধে চিআৰপিচিৰ ১৪৪/১৫১/১১৬ আৰু ১০৭ ধাৰাত গোচৰ ৰুজু হোৱাৰ কথা জনাইছে সীতাপুৰৰ অতিৰিক্ত উপায়ুক্ত প্যাৰে লাল মৌৰ্য্যই।
Published by:Sanjay Kumar Das
First published: