• Home
  • »
  • News
  • »
  • nation
  • »
  • শিক্ষিত নিবনুৱাৰ বাবে আশাৰ ৰেঙণি! নতুন বছৰত চৰকাৰে দিব ৫০ হাজাৰতকৈ অধিক পদত নিযুক্তি

শিক্ষিত নিবনুৱাৰ বাবে আশাৰ ৰেঙণি! নতুন বছৰত চৰকাৰে দিব ৫০ হাজাৰতকৈ অধিক পদত নিযুক্তি

Source-Google

Source-Google

UPSSSCত ৪০ হাজাৰতকৈ অধিক খালী পদ পূৰণৰ প্ৰস্তাৱত অনুমোদন। বহু কেইটা বিভাগত খালী হৈ থকা ১০ হাজাৰতকৈ অধিক পদত হ’ব নিযুক্তি।

  • Share this:
শিক্ষিত নিবনুৱাৰ বাবে ভাল খবৰ। নতুন বছৰত ৫০ হাজাৰতকৈও অধিক খালী পদ পূৰণ কৰিব উত্তৰ প্ৰদেশ চৰকাৰে। এই সন্দৰ্ভত ইতিমধ্যে দিয়া হৈছে অনুমোদন। ইয়াৰ বাবে ‘Uttar Pradesh Subordinate Services Selection Commission’, চমুকৈ UPSSSCৰ অধীনত ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে।

মিডিয়া ৰিপৰ্টচ অনুসৰি, UPSSSCএ ৪০ হাজাৰতকৈ অধিক খালী পদ পূৰণৰ বাবে প্ৰস্তাৱ লাভ কৰিছে। লগতে বহু চৰকাৰী বিভাগত খালী হৈ থকা ১০ হাজাৰ পদো পূৰণ কৰিবলৈ চৰকাৰে অনুমোদন জনাইছে।



৫০ হাজাৰ খালী পদ পূৰণৰ বাবে Uttar Pradesh Subordinate Services Selection Commission’এ প্ৰাৰম্ভিক আৰু মেইন পৰীক্ষা অনুষ্ঠিত কৰিব। শীঘ্ৰে জাৰি কৰা হ’ব বিজ্ঞাপন। প্ৰাৰম্ভিক পৰীক্ষা অহা এপ্ৰিল মাহত হোৱাৰ সম্ভাৱনা আছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি