உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • IAS Topper's Love Story : IAS টপাৰ দম্পতীৰ বিবাহ বিচ্ছেদ, তিনি বছৰতে টিনা ডাবী আৰু আটহাৰ আমিৰ খানৰ বিচ্ছেদ।

    IAS Topper's Love Story : IAS টপাৰ দম্পতীৰ বিবাহ বিচ্ছেদ, তিনি বছৰতে টিনা ডাবী আৰু আটহাৰ আমিৰ খানৰ বিচ্ছেদ।

    টিনা আৰু আটহাৰৰ বিচ্ছেদৰ আৰম্ভণি হৈছিল তেতিয়া যেতিয়া টিনাই নিজৰ নামৰ সৈতে স্বামীৰ উপাধি লিখিবলৈ এৰিছিল। তাৰ পিছৰ পৰা আটহাৰে ছচিয়েল মিডিয়াত টিনাক প্ৰায় বৰ্জন কৰি চলিছিল।

    • Share this:
    UPSC পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰা প্ৰেমিক যুগলৰ প্ৰেম কাহিনীৰ অৱশেষত অৱসান ঘটিল। জয়পুৰৰ এখন আদালতত বিবাহ বিচ্ছেদ (divorce) সম্পন্ন হ'ল IAS টিনা ডাবী (Tina Dabi) আৰু আটহাৰ আমিৰ খান (Athar Amir Khan)ৰ।

    ২০১৫ চনত UPSC পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি চৰ্চালৈ আহিছিল টিনা ডাবী। আনহাতে দ্বিতীয় স্থান দখল কৰিছিল আটহাৰ আমিৰ খানে। প্ৰশিক্ষণৰ সময়ত টিনা আৰু আটহাৰ আমিৰ খান ইজনে সিজনৰ প্ৰেমত পৰিছিল।

    ২০১৮ চনত জয়পুৰত IAS টপাৰ টিনা ডাবীৰ বিবাহ হৈছিল আটহাৰৰ সৈতে। টিনাৰ বিয়াত উপস্থিত আছিল উপৰাষ্ট্ৰপতি ভেংকয়া নাইডু (Venkaiah Naidu), লোকসভাৰ প্ৰাক্তন অধ্যক্ষা সুমিত্ৰা মহাজনো। সেইসময়তো টিনা আৰু আটহাৰৰ বিয়াক লৈ দেশ জুৰি চৰ্চা হৈছিল।

    অখিল ভাৰতীয় হিন্দু মহাসভা (Akhil Bhartiya Hindu Mahasabha)ই এই প্ৰেম-বিবাহক লাভ-জেহাদ (love-jihad) আখ্যা দিয়াত দেশজুৰি বিতৰ্কও হৈছিল।

    টিনা আৰু আটহাৰৰ বিচ্ছেদৰ আৰম্ভণি হৈছিল তেতিয়া যেতিয়া টিনাই নিজৰ নামৰ সৈতে লিখি থকা স্বামীৰ উপাধি লিখিবলৈ এৰিছিল। তাৰ পিছৰ পৰা আটহাৰে ছচিয়েল মিডিয়াত টিনাক প্ৰায় বৰ্জন কৰি চলিছিল। দুয়োজনে ২০২০ চনৰ নৱেম্বৰতে সহমতত আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল।

    উল্লেখ্য যে টিনা আৰু আটহাৰ দুয়োজনেই ৰাজস্থান কেডাৰৰ জয়পুৰত কৰ্মৰত আছিল। অৱশ্যে বৰ্তমান ডেপুটেচনত জম্মু-কাশ্মীৰত আছে আটহাৰ।
    Published by:Manjumoni Borah
    First published: