অসামৰিক সেৱা পৰীক্ষা ২০২২ (UPSC)ৰ ফলাফল ঘোষণা হৈছে। ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনৰ লিখিত পৰীক্ষা ছেপ্টেম্বৰ, ২০২২ত অনুষ্ঠিত হৈছিল। ইয়াৰ ফলাফলৰ ওপৰত আধাৰিত কৰি নিৰ্বাচিতসকলৰ ব্যক্তিত্ব পৰীক্ষাৰ বাবে জানুৱাৰী-মে, ২০২৩ত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হৈছিল।
আজি যোগ্যতাৰ ক্ৰমত যিসকল প্ৰাৰ্থীয়ে এই পৰীক্ষাৰ তিনিওটা পৰ্যায়ত উত্তীৰ্ণ হৈছে সেইসকলক বিভিন্ন পদত নিযুক্তি দিয়া হৈছে। UPSCৰ ভাৰতীয় প্ৰশাসনিক সেৱা (Indian Administrative Service), ভাৰতীয় বৈদেশিক সেৱা(Indian Foreign Service), ভাৰতীয় আৰক্ষী সেৱা ( Indian Police Service) আৰু কেন্দ্ৰীয় সেৱা, গোট 'এ' আৰু গোট 'বি' (Central Services, Group ‘A’ and Group ‘B’)ৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল।
UPSCৰ শীৰ্ষ স্থানত আছে ঈশিতা কিশোৰ। ইয়াৰ দ্বিতীয় স্থানত গৰিমা লোহিয়া, তৃতীয় স্থানত উমা সাৰথি আৰু চতুৰ্থ স্থানত স্মৃতি মিশ্ৰাই এই পৰীক্ষাত উত্তীৰ্ণ হৈছে।
অসমৰ ময়ূৰ হাজৰিকাই UPSCত পঞ্চম স্থান দখল কৰিছে। আৰু মহম্মদ ইদুল আহমেদে ২৯৮ স্থান লাভ কৰিছে। এই পৰীক্ষাৰ তৃতীয় আৰু অন্তিম পৰ্যায়ত মুঠ ৯৩৩জনে উত্তীৰ্ণ হৈছে। লগতে, আয়োগে ১৭৮ প্ৰাৰ্থীৰ এক একত্ৰিত সংৰক্ষিত তালিকা বজাই ৰাখিছে। ইয়াৰে UPSCৰ ভাৰতীয় প্ৰশাসনিক সেৱা (Indian Administrative Service) পদৰ বাবে ১৮০জন, ভাৰতীয় বৈদেশিক সেৱা(Indian Foreign Service) পদৰ বাবে ৩৮ জন, ভাৰতীয় আৰক্ষী সেৱা ( Indian Police Service) পদৰ বাবে ২০০ জন, কেন্দ্ৰীয় সেৱা, গোট 'এ' (Central Services, Group ‘A’ ) পদৰ বাবে ৪৭৩ আৰু কেন্দ্ৰীয় সেৱা, গোট 'বি' (Central Services, Group ‘B’)ৰ পদৰ বাবে ১৩১ নিৰ্বাচিত হৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : May 23, 2023, 14:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।