''বিজেপি নেতাসকলে 'দ্য কাশ্মীৰ ফাইলছ'ৰ দৰে এখন মিছা কথাছবিৰ পোষ্টাৰ লগাই আছে।''
''বিজেপি নেতাসকলে 'দ্য কাশ্মীৰ ফাইলছ'ৰ দৰে এখন মিছা কথাছবিৰ পোষ্টাৰ লগাই আছে।''
'দ্য কাশ্মীৰ ফাইলছ' কথাছবিখনক লৈ বিজেপিৰ ওপৰত আক্ৰমণ আম আদমী পাৰ্টীৰ মুৰব্বী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লী বিধানসভাত কেজৰিৱালে কয়– ''কাশ্মীৰী পণ্ডিতসকলৰ নামত কিছুমান লোকে কোটি কোটি টকা উপাৰ্জন কৰিছে আৰু বিজেপি নেতাসকলে 'দ্য কাশ্মীৰ ফাইলছ'ৰ দৰে এখন মিছা কথাছবিৰ পোষ্টাৰ লগাই আছে। ইয়াৰ বাবে বিজেপি ৰাজনীতিলৈ আহিছিল নেকি?'' দ্য কাশ্মীৰ ফাইলছক কৰমুক্ত কৰাৰ প্ৰসংগত কেজৰিৱালে বিজেপি নেতাসকলক সমালোচনা কৰি কয় যে ছবিখন ইউটিউবত দিয়ক, গোটেই ছবিখন বিনামূলীয়া হ'ব। এই সময়ছোৱাত কেজৰিৱালে (Delhi CM Arvind Kejriwal) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আক্ৰমণৰ লক্ষ্য কৰি লয়।
বৃহস্পতিবাৰে দিল্লী বিধানসভাৰ (Delhi Assembly ) বাজেট অধিৱেশনত মুখ্যমন্ত্ৰী কেজৰিৱালে দ্য কাশ্মীৰ ফাইলছ কৰমুক্ত কৰাৰ বাবে বিজেপিয়ে উঠোৱা দাবীৰ ওপৰত তীব্ৰ সমালোচনা কৰে। কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে নিৰ্মাণ কৰা ছবিখন বিহাৰ, মধ্যপ্ৰদেশ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, গুজৰাট, ত্ৰিপুৰা, গোৱা আৰু উত্তৰাখণ্ডকে ধৰি কেইবাখনো ৰাজ্যত কৰমুক্ত কৰা হৈছে। বিজেপি নেতাসকলেও দিল্লীত ইয়াক কৰমুক্ত কৰাৰ দাবী জনাইছে। এদিন আগতে বুধবাৰে বিজেপিৰ বিধায়কসকলে বিধানসভাত ইয়াক লৈ এক প্ৰদৰ্শনো কৰিছিল।
ইয়াৰ পিছত অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে কয়– ''হাৰিয়ানাৰ এজন বিজেপি বিধায়কে এখন পাৰ্কত ছবিখনৰ (The Kashmir Files) বিনামূলীয়া প্ৰদৰ্শনৰ কথা কৈছিল। কিন্তু লগে লগে বিবেক অগ্নিহোত্ৰীৰ টুইটটো আহিছিল যে বিনামূলীয়া স্ক্ৰীনিং হ'ব নালাগে। যদি আপুনি চিনেমাখন দেখুৱাব বিচাৰে, টিকটটো লওক আৰু দেখুৱাওক।'' কেজৰিৱালে কয় যে কাশ্মীৰী পণ্ডিতসকলৰ নামত কিছুমান লোকে কোটি কোটি টকা উপাৰ্জন কৰিছে আৰু বিজেপিৰ লোকসকলক পোষ্টাৰ লগোৱাৰ কাম দিছে। চকু দুটা খোলক। মিছা চিনেমা এখনৰ প্ৰচাৰ বন্ধ কৰক।
অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী মোদীক (PM Narendra Modi) লক্ষ্য কৰি কয় যে ৮ বছৰ ধৰি কেন্দ্ৰত চৰকাৰ চলাই থকাৰ পিছত যদি এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে বিবেক অগ্নিহোত্ৰীৰ চৰণত শৰণ ল'ব লগা হয়, ইয়াৰ অৰ্থ হৈছে যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰ্যকালত কোনো কাম কৰা নাছিল। ৮ বছৰ এনেই নষ্ট হ'ল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|