মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড আজমল কাছাভ হিন্দু, প্ৰকৃত নাম সমীৰ চৌধুৰী! কি আছিল কংগ্ৰেছৰ অভিসন্ধি?

‘কাছাভক হিন্দু সজাই RSSক নিষিদ্ধ কৰাৰ চক্ৰান্ত আছিল UPA চৰকাৰ-ISIৰ’
‘কাছাভক হিন্দু সজাই RSSক নিষিদ্ধ কৰাৰ চক্ৰান্ত আছিল UPA চৰকাৰ-ISIৰ’
- News18 Assam
- Last Updated: February 20, 2020, 12:55 PM IST
মুম্বাই আক্ৰমণৰ তদন্তকাৰী বিষয়া, আৰক্ষী আয়ুক্ত ৰাকেশ মাৰিয়াই আত্মজীৱনীত উল্লেখ নকৰা হ'লে দেশে গমেই নাপালে হেতেন এই ভয়ংকৰ চক্ৰান্তৰ কথা ৷

ৰাকেশ মাৰীয়াই আত্মজীৱনীখনত পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIএ মুম্বাই আক্ৰমণকাৰীক হিন্দু বুলি প্ৰমাণ কৰিবলৈ কৰা ভয়ংকৰ ষড়যন্ত্ৰৰ কথা উল্লেখ কৰিছে ৷ তাৰ প্ৰমাণ হিচাপে আক্ৰমণকাৰীক দিছিল জাল পৰিচয় পত্ৰ ৷ কাছভৰ হাতত যিখন পৰিচয় পত্ৰ আছিল তাত কাছভৰ নাম আছিল সমীৰ চৌধুৰী ৷
‘LET ME SAY IT NOW’ত ৰাকেশ মাৰীয়াৰ দাবী কৰিছে যে, মুম্বাই আৰক্ষীয়ে আজমল কাছভৰ ফটো প্ৰকাশ কৰিব বিচৰা নাছিল ৷ আক্ৰমণকাৰীৰ তথ্য সংবাদ মাধ্যমে যাতে নাপায় তাৰ বাবে সকলো চেষ্টা কৰা হৈছিল ৷ লগতে মাৰীয়াৰ দাবী, সকলো পৰিকল্পনা বিফল হোৱাত ডাউ’দ ইব্ৰাহীমৰ গেঙক আনকি কাছভক হত্যাৰ ছুপাৰি দিয়া হৈছিল ৷
এই ইছলামিক সন্ত্রাসবাদীৰ আক্রমণৰ ঘটনাক হিন্দু সন্ত্রাসবাদীৰ ৰূপ প্রদান কৰিবলৈ ভিতৰি ভিতৰি চলিছিল এক ভয়ংকৰ ষড়যন্ত্র। সেই ষড়যন্ত্রৰ এক অংশ হিচাপে আজমল কাছাভৰ হাতৰ মণিবন্ধনত হিন্দু সকলে পিন্ধাৰ দৰে পিন্ধাই দিয়া হৈছিল ৰঙা সূতা!
শ্বহীদ টোকাৰাম ঔম্বলেই হিন্দু সকলক এক ভয়ংকৰ ষড়যন্ত্রৰ পৰা উদ্ধাৰ কৰি থৈ গ’ল ৷ কাছাভক যদি তেওঁ জীৱন্তে কৰায়ত্ব কৰিব নোৱাৰিলেহেতেঁন আজি হয়তো 26/11 ৰ কাহিনী বেলেগ হিচাপে লিপিৱদ্ধ হ’লহেঁতেন ৷
উল্লেখ্য যে, ২৬ নৱেম্বৰ ২০০৮ত মুম্বাইত ১০ সন্ত্ৰাসবাদীয়ে তিনিটাকৈ স্থানত চলাইছিল ভয়ংকৰ আক্ৰমণ ৷ ভয়াৱহ এই আক্ৰমণত মৃত্যু হৈছিল ১৬৬জন লোকৰ ৷ এই দহ সন্ত্ৰাসবাদীৰ ভিতৰত একমাত্ৰ জীৱিত অৱস্থাত গ্ৰেপ্তাৰ হোৱা আজমল কাছভক ২১নৱেম্বৰ ২০১২ত ফাঁচি কাঠত ওলোমোৱা হৈছিল য়াৰাডা জে'লত ৷