শিক্ষক নিযুক্তি পৰীক্ষাত প্ৰথম স্থান লাভ কৰা পৰীক্ষাৰ্থীয়ে নাজানে দেশৰ ৰাষ্ট্ৰপতিৰ নাম! আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:June 10, 2020, 10:53 AM IST
শিক্ষক নিযুক্তি পৰীক্ষাত প্ৰথম স্থান লাভ কৰা পৰীক্ষাৰ্থীয়ে নাজানে দেশৰ ৰাষ্ট্ৰপতিৰ নাম! আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ
শিক্ষক নিযুক্তি পৰীক্ষাত প্ৰথমস্থান লাভ কৰা ধৰ্মেন্দ্ৰ পাটেলৰ সাধাৰণ জ্ঞানৰ নমুনা! এতিয়া সমগ্ৰ পৰীক্ষা ব্যৱস্থাটোকে সন্দেহৰ দৃষ্টিৰে চাইছে সচেতন মহলে

শিক্ষক নিযুক্তি পৰীক্ষাত প্ৰথমস্থান লাভ কৰা ধৰ্মেন্দ্ৰ পাটেলৰ সাধাৰণ জ্ঞানৰ নমুনা! এতিয়া সমগ্ৰ পৰীক্ষা ব্যৱস্থাটোকে সন্দেহৰ দৃষ্টিৰে চাইছে সচেতন মহলে

  • Share this:
শিক্ষক নিযুক্তি পৰীক্ষাত লাভ কৰিছিল ৯৫ শতাংশ নম্বৰ। সৰ্বমুঠ ১৫০ৰ পৰীক্ষাত ১৪২ নম্বৰ লাভ কৰি দখল কৰিছিল শীৰ্ষস্থান। কিন্তু সেইজন পৰীক্ষাৰ্থীয়েই নাজানে দেশৰ ৰাষ্ট্ৰপতিনৰ নাম! একাধিক বাৰ চেষ্টা কৰাৰ পিছতে মনত নপৰিল ৰাষ্ট্ৰপতিৰ নাম। উত্তৰ প্ৰদেশৰ শিক্ষক নিযুক্তি পৰীক্ষাত প্ৰথম স্থান দখল কৰা ধৰ্মেন্দ্ৰ পাটেলৰ সাধৰণ জ্ঞানৰ নমুনা জনাজাত হোৱাৰ পিছতে এতিয়া সমগ্ৰ পৰীক্ষা ব্যৱস্থাটোলৈয়ে সন্দেহৰ দৃষ্টিৰে চাইছে বহুজনে।

দুৰ্নীতিৰ অভিযোগত প্ৰয়াগৰাজ আৰক্ষীয়ে মঙলবাৰে ধৰ্মেন্দ্ৰ পাটেল সহ ৯ জনক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি উত্তৰ প্ৰদেশৰ শিক্ষা বিভাগৰ ৬৯ হাজাৰ খালী শিক্ষক পদৰ নিযুক্তিৰ বাবে হোৱা পৰীক্ষাত প্ৰথম স্থান দখল কৰা ধৰ্মেন্দ্ৰ যাদৱৰ নাই শিক্ষক হোৱাৰ নূন্যতম যোগ্যতাও।

উচ্চতম ন্যায়ালয়ে মঙলবাৰে এতিয়া ৰাজ্যখনত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে এই ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিছিল উচ্চ ন্যায়ালয়ে।
First published: June 10, 2020, 10:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading