• Home
  • »
  • News
  • »
  • nation
  • »
  • Viral Video|| 'পুলিচে ঘোঁচ যেনেকৈ লয়, তেনেকৈ কামো কৰে'- ক্লাচৰুমত আৰক্ষী বিষয়াৰ মন্তব্যকলৈ তোলপাৰ ছচিয়েল মিডিয়া! ভাইৰেল ভিডিও

Viral Video|| 'পুলিচে ঘোঁচ যেনেকৈ লয়, তেনেকৈ কামো কৰে'- ক্লাচৰুমত আৰক্ষী বিষয়াৰ মন্তব্যকলৈ তোলপাৰ ছচিয়েল মিডিয়া! ভাইৰেল ভিডিও

Uttar Pradesh Police admitting to the police taking bribes went viral: আৰক্ষী বিষয়াৰ মন্তব্য শ্ৰেণীকোঠাতে সীমাবদ্ধ নাথাকিল। বিয়পি পৰিল চৌদিশে।

Uttar Pradesh Police admitting to the police taking bribes went viral: আৰক্ষী বিষয়াৰ মন্তব্য শ্ৰেণীকোঠাতে সীমাবদ্ধ নাথাকিল। বিয়পি পৰিল চৌদিশে।

Uttar Pradesh Police admitting to the police taking bribes went viral: আৰক্ষী বিষয়াৰ মন্তব্য শ্ৰেণীকোঠাতে সীমাবদ্ধ নাথাকিল। বিয়পি পৰিল চৌদিশে।

  • Share this:
''আৰক্ষীয়ে আৰু ঘোঁচ নল'বনে! এনেকৈ জানো হয়''-বহুতৰে ধাৰণা এইটো। মাজে সময়ে এনেধৰণৰ প্ৰমাণো পোহৰলৈ আহে। কিন্তু কেতিয়াবা ঘোঁচ লোৱাৰ কথা আৰক্ষীয়ে পোণপটীয়াকৈ স্বীকাৰ কৰা শুনিছেনে? এনেএক ঘটনাই ঘটিছে উত্তৰপ্ৰদেশৰ উন্নাওত। এটা শ্ৰেণীকোঠাত এগৰাকী আৰক্ষী বিষয়াই কয় যে, 'আৰক্ষীয়ে ঘোঁচ খায়। কিন্তু তাৰ বিনিময়ত কামো কৰি দিয়ে। কিন্তু অন্যান্য বিভাগৰ বিষয়াই ঘোঁচ খালেও কাম কৰি নিদিয়ে।'- এই ভিডিও এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল।


উত্তৰ প্ৰদেশ জিলাৰ বিদ্যালয়সমূহত 'পুলিচ কি পাঠশালা' নামৰ এটা কাৰ্যসূচী চলি আছে। স্থানীয় আৰক্ষী বিষয়া এজনে এনে এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উন্নাওৰ এখন বিদ্যালয়ত উপস্থিত হৈছিল। আৰু ভাষণ প্ৰসংগত আৰক্ষীৰ লোকজনে ঘোঁচ লোৱাৰ কথা উল্লেখ কৰিছিল। তেওঁ কৈছিল যে, "যদি আৰক্ষীয়ে টকা লয় তেন্তে জানিব যে, কামটো হ'বই। আৰক্ষী বিভাগেই সৰ্বশ্ৰেষ্ঠ। যদি আৰক্ষীয়ে টকা লয়, আপুনি জানিব যে এইটো কাম হ'বই। কিন্তু আন এটা বিভাগলৈ যাওক, তাতো টকা লয় কিন্তু কাম নকৰে। যদি আপুনি শিক্ষকসকলৰ কথা কয়, সকলোৱে গোটেই বছৰটো টকা পাইছে। কিন্তু ঘৰতে বহি ক্লাচ কৰিছে। কোৰোণা মহামাৰীৰ মাজতো সাধাৰণ সময়ৰ তুলনাত আৰক্ষীয়ে বেছি কাম কৰিছে।'


উল্লেখ্য যে, আৰক্ষী বিষয়াজনৰ বক্তব্য এতিয়া শ্ৰেণীৰ চাৰিবেৰত সীমাবদ্ধ নহয়। ভাইৰেল হৈ পৰিছে চৌদিশে। আৰক্ষী বিষয়াজনৰ বক্তব্যৰ সন্দৰ্ভত উন্নাও আৰক্ষীয়ে টুইট কৰে, 'বিঘাপুৰৰ জিলা দণ্ডাধীশে বিষয়টো চোৱা-চিতা কৰি আছে। উচ্চ পদস্থ বিষয়াক ইয়াৰ সন্দৰ্ভত ৰিপোৰ্ট দাখিল কৰা হ'ব।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি