உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • চাৰিজন যুৱকলৈ পলাই যোৱা যুৱতীৰ অসুবিধা হ'ল দৰা বাছনি কৰিবলৈ! পঞ্চায়তে পাতিলে 'লাকী ড্ৰ'

    চাৰিজন যুৱকলৈ পলাই যোৱা যুৱতীৰ অসুবিধা হ'ল দৰা বাছনি কৰিবলৈ! পঞ্চায়তে পাতিলে 'লাকী ড্ৰ'

    আচৰিত! চাৰিজন যুৱকৰ সৈতে পলাই যোৱা এজনী ছোৱালীৰ বাবে দৰা বাছনি কৰিবলৈ লাকী ড্ৰ পাতিলে পঞ্চায়তে।

    আচৰিত! চাৰিজন যুৱকৰ সৈতে পলাই যোৱা এজনী ছোৱালীৰ বাবে দৰা বাছনি কৰিবলৈ লাকী ড্ৰ পাতিলে পঞ্চায়তে।

    আচৰিত! চাৰিজন যুৱকৰ সৈতে পলাই যোৱা এজনী ছোৱালীৰ বাবে দৰা বাছনি কৰিবলৈ লাকী ড্ৰ পাতিলে পঞ্চায়তে।

    • Share this:
    পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে উত্তৰ প্ৰদেশে। ৰাজ্যখনত সংঘটিত হৈছে আন এটা আচৰিত ঘটনা। চাৰিজন যুৱকৰ সৈতে পলাই যোৱা এজনী ছোৱালীৰ বাবে দৰা বাছনি কৰিবলৈ ৰামপুৰ জিলাৰ এখন পঞ্চায়তে লাকী ড্ৰ পাতিবলৈ বাধ্য হৈছিল। পঞ্চায়তৰ সদস্যসকলে দাবী কৰা মতে, এই যুৱকসকলৰ মাজৰ পৰা ছোৱালীজনীয়ে তাইৰ জীৱন সঙ্গী বাছনি কৰাত অসুবিধা হৈছিল। ছোৱালীজনী চাৰিজন যুৱকৰ  সৈতে পলাই যোৱাৰ পিছত এই কঠিন পৰিস্থিতিৰ সৃষ্টি হৈছিল।

    প্ৰাপ্ত তথ্য অনুসৰি, ছোৱালীজনীৰ সৈতে পলাই যোৱা যুৱকসকল হৈছে অজিমনগৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাওঁৰ বাসিন্দা। আনহাতে ছোৱালীজনী তাণ্ডা আৰক্ষী থানা অঞ্চলৰ বাসিন্দা।

    জানিব পৰা মতে, যুৱকসকলে দুদিন ধৰি ছোৱালীজনীক তেওঁলোকৰ এজন আত্মীয়ৰ ঘৰত ৰাখিছিল। কিন্তু বিষয়টো ৰাজহুৱাকৈ প্ৰকাশ পোৱাত গাওঁলৈ উভতি আহিবলৈ বাধ্য হৈছিল যুৱককেইজন। এই সময়তে ছোৱালীজনীৰ মাক-দেউতাকে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ সাজু হৈছিল যদিও গাওঁবাসীয়ে এনে কৰিবলৈ বাধা আৰোপ কৰে।

    পিছত, পঞ্চায়তে যুৱক কেইজনৰ লগত পৃথককৈ  আলোচনা কৰি তেওঁলোকৰ এজনক ছোৱালীজনীক বিয়া পাতিলৈ সৈমান কৰে। অৱশ্যে, এই ক্ষেত্ৰত কোনো এজনো সহমতত উপনীত হ'বলৈ সাজু নাছিল। জানিব পৰা মতে পঞ্চায়তে বিষয়টো সমাধান কৰিবলৈ তিনি দিনলৈ আলোচনা কৰিছিল।

    আনকি ছোৱালীজনীয়েও কোনো এজন যুৱক বাছনি কৰিব পৰা নাছিল। আকৰ্ষণীয়ভাৱে, এনেদৰে সকলো পক্ষই সন্মত নোহোৱাত দৰা বাছনি কৰিবলৈ এটা লাকী ড্ৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।

    ইয়াৰ পিছত, চাৰি টুকুৰা কাগজত চাৰিওজন যুৱকৰ নাম লিখি এটা বাতিত ৰখা হৈছিল। এটা শিশুক এটা টুকৰা তুলিবলৈ কোৱা হৈছিল আৰু ছোৱালীজনীক বিয়া পাতিবলৈ এজন যুৱকৰ নাম লোৱা হৈছিল। ইফালে, গাওঁবাসীয়ে ছোৱালীজনীৰ গোপনীয়তা ৰক্ষা কৰি বিষয়টোৰ ওপৰত নিৰব হৈ আছে।
    Published by:Himangshu Bhuyan
    First published: