News18 AssamNews18 Assam
|
News18-Assam Updated:July 13, 2020, 4:29 PM IST
দুবাৰৰ লোকসভাৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ উত্তৰ প্ৰদেশৰ ক্ৰীড়া মন্ত্ৰী চেতন চৌহানক লক্ষ্ণৌৰ সঞ্জয় গান্ধী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
দুবাৰৰ লোকসভাৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ উত্তৰ প্ৰদেশৰ ক্ৰীড়া মন্ত্ৰী চেতন চৌহানক লক্ষ্ণৌৰ সঞ্জয় গান্ধী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
টীম ইণ্ডিয়াৰ প্ৰাক্তন টেষ্ট অপেনাৰ তথা যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চেতন চৌহান কোভিড–১৯ত আক্ৰান্ত হৈছে। টীম ইণ্ডিয়াৰ হৈ ৪০খন টেষ্ট আৰু ৭খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে অপেনাৰ চেতন চৌহানে। সত্তৰৰ দশকত সুনীল গাভাস্কাৰৰ সৈতে দক্ষতাৰে অপেনিং বেটিং কৰা চেতন চৌহানে টেষ্টত মুঠ ২০৮৪ ৰান সংগ্ৰহ কৰে। ৭২ বছৰীয়া চৌহানৰ শৰীৰত শুকুৰবাৰে কোভিড–১৯ পজিটিভ ধৰা পৰে। দুবাৰৰ লোকসভাৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ উত্তৰ প্ৰদেশৰ ক্ৰীড়া মন্ত্ৰী চেতন চৌহানক লক্ষ্ণৌৰ সঞ্জয় গান্ধী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দেশৰ জনসাধাৰণে তাৰকা ক্ৰিকেটাৰগৰাকীৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰিছে।
Published by:
Sanjay Kumar Das
First published:
July 13, 2020, 4:29 PM IST