দৰা অহাত বহু পলম হ’ল, অধৈৰ্য হৈ আন ল’ৰালৈ বিয়া হৈ গ’ল কইনা

News18 Assam | News18-Assam
Updated:December 8, 2019, 1:41 PM IST
দৰা অহাত বহু পলম হ’ল, অধৈৰ্য হৈ আন ল’ৰালৈ বিয়া হৈ গ’ল কইনা
আৰক্ষীৰ হস্তক্ষেপত সমগ্ৰ ঘটনাটো নিয়ন্ত্ৰণলৈ আহে যদিও কইনাই এই বিয়াৰ বাবে অসন্মতি প্ৰকাশ কৰে।

আৰক্ষীৰ হস্তক্ষেপত সমগ্ৰ ঘটনাটো নিয়ন্ত্ৰণলৈ আহে যদিও কইনাই এই বিয়াৰ বাবে অসন্মতি প্ৰকাশ কৰে।

  • Share this:
উত্তৰ প্ৰদেশৰ বিজনৌৰত দৰা পলমকৈ উপস্থিত হোৱাত বাতিল হ’ল এখন বিয়া। বহু পলমকৈ দৰা উপস্থিত হোৱাত কইনাই বাতিল কৰিলে বিয়া। তাৰ সলনি ওচৰৰে আন এজন ল’ৰাৰ সৈতে বিয়াত বহিল কইনা।

নিশা ২ বজাত উপস্থিত হোৱাৰ কথা আছিল দৰা। কিন্তু উপস্থিত হ’ল বহু পলমকৈ। ফলত খঙত অগ্নিশৰ্মা হৈ পৰিল কইনাৰ পৰিয়াল।

টাইম অৱ ইণ্ডিয়াৰ খবৰ অনুসৰি, আগৰে পৰা যৌতুকক লৈ দৰা পক্ষৰ সৈতে কিছু সংঘাত হৈছিল কইনা পক্ষৰ। বিয়াৰ দিনা সেই সংঘাতে পালে চূড়ান্ত ৰূপ।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৬ সপ্তাহ পূৰ্বে সামূহিকভাৱে বিয়াত বহিছিল দৰা–কইনা। কিন্তু আনুষ্ঠানিকভাৱে বিয়া নোহোৱাকৈ স্বমীগৃহলৈ যাবলৈ অস্বীকাৰ কৰিছিল যুৱতীগৰাকীয়ে।

কইনাৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি, দৰাপক্ষই যৌতুকত এখন চাইকেল আৰু নগদ ধন দাবী কৰিছিল, যিটো দিবলৈ সক্ষম নাছিল কইনাৰ পৰিয়াল। দৰাৰ আত্মীয়ই কইনাপক্ষৰ লোকক প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন কৰে কইনা পক্ষই।

আৰক্ষীৰ হস্তক্ষেপত সমগ্ৰ ঘটনাটো নিয়ন্ত্ৰণলৈ আহে যদিও কইনাই এই বিয়াৰ বাবে অসন্মতি প্ৰকাশ কৰে। অৱশ্যে এই সন্দৰ্ভত কোনো পক্ষৰ পৰা আৰক্ষীয়ে লাভ কৰা নাই লিখিত অভিযোগ। আৰু অৱশেষত ওচৰৰে আন এজন ল’ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয় যুৱতীগৰাকী।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি