উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্নৌত দৰাই কইনাক বৰমালা পিন্ধাবলৈ লওতেই বিবাহস্থলীত উপস্থিত হয় এগৰাকী যুৱতী। প্ৰেমিকাই বিবাহ কাৰ্য বন্ধ কৰি আৰু গাড়ীত উঠাই লৈ যায় দৰাক। এই ঘটনাৰ পিছতে দৰা অবিহনে বৰযাত্ৰী উভতিবলগীয়া হয়। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলতে ব্যাপক ভাবে চৰ্চিত হৈছে।
জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ উন্নাৱ জিলাৰ দৰা বৰযাত্ৰীসহ লক্ষ্নৌৰ কাকোৰী থানাৰ অন্তৰ্গত খানপুৰ গাওঁ পাইছিল। য’ত সঁজোৱা আছিল বিবাহৰ মণ্ডপ। যেতিয়া দৰাই কইনাক বৰমালা পিন্ধাবলৈ লৈছিল, সেই সময়তে চিনেমাৰ কায়দাৰে এগৰাকী যুৱতীয়ে প্ৰৱেশ কৰে।
দৰাচলতে সেই যুৱতীগৰাকী আছিল দৰাৰ প্ৰেমিকা। বিয়া ঘৰত যুৱতীগৰাকীয়ে দৰাৰ বিষয়ে চিঞৰি চিঞৰি বহু কথা কয়। আনকি দেখুৱাই কোৰ্টৰ কাগজো। আৰু তাৰ পিছতে নিজৰ গাড়ীত উঠাই লৈ যায় দৰাক।
উল্লেখ্য যে, প্ৰেমিকাৰ পৰা লুকুৱাই অন্য যুৱতীৰ সৈতে সংসাৰ কৰাৰ মন মেলিছিল প্ৰেমিকে। কিন্তু প্ৰেমিকৰ বিয়াৰ দিনাই কেই কথা জানিব পাৰে প্ৰেমিকাই। ফলত লগে লগে বিবাহস্থলীত উপস্থিত হৈ প্ৰেমিকাই বন্ধ কৰি দিয়ে প্ৰেমিকৰ বিয়া।
পিছত ঘটনা সন্দৰ্ভত কইনাৰ পিতৃয়ে কয় যে, দৰা আৰু সেই যুৱতীগৰাকীৰ লগত আমাৰ পৰিয়ালৰ মাজত বুজাবুজি হৈ গ’ল। এতিয়া বিবাহ বাতিল কৰা হ’ল। এই ঘটনাক কেন্দ্ৰ কৰি কোনো পক্ষই আৰক্ষীৰ কাষ চপা নাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|