உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • অকলশৰে ঘৰত থকাৰ খবৰ পাই বিবাহিতা প্ৰেমিকাক লগ ধৰিবলৈ আহিছিল প্ৰেমিক, অসংযত অৱস্থাত স্বামীয়ে হাতে–লোটে ধৰা পেলাই কৰিলে এই ভয়ংকৰ কাণ্ড

    অকলশৰে ঘৰত থকাৰ খবৰ পাই বিবাহিতা প্ৰেমিকাক লগ ধৰিবলৈ আহিছিল প্ৰেমিক, অসংযত অৱস্থাত স্বামীয়ে হাতে–লোটে ধৰা পেলাই কৰিলে এই ভয়ংকৰ কাণ্ড

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    অবৈধ সম্পৰ্কই কাল হ'ল বদনৰ । অবৈধ প্ৰেমিকাৰ স্বামীৰ হাতত মৃত্যবৰণ কৰিলে প্ৰেমিকে।

    • Share this:
    অবৈধ সম্পৰ্কৰ চৰম পৰিণাম। স্বামী আৰু দেওৰেকে মিলি নৃশংসভাৱে প্ৰকাণ্ড শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে প্ৰেমিকক। দৰাচলতে এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰৰ ৰৌচাবাদ কোতৱালী অঞ্চলৰ নৰ খাছ গাঁৱত। গাঁওখনৰ বাসিন্দা ৰামবাবু নামৰ এগৰাকী ব্যক্তিৰ পত্নী নিজৰ অবৈধ সম্পৰ্কত মচগুল হৈ আছিল। আন এখন গাঁৱৰ বদন সিং নামৰ এগৰাকী লোকৰ সৈতে আছিল মহিলাগৰাকীৰ দীৰ্ঘদিনীয়া অবৈধ প্ৰেমৰ সম্পৰ্ক। দুয়োয়ে বহু বছৰ ধৰি লুকাই চোৰকৈ চলাই আহিছিল এই সম্পৰ্ক।

    দেওবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰামবাবুৰপত্নীয়ে প্ৰেমিক বদনক ঘৰলৈ মাতি পঠিয়াই আৰু বদনে নিশাই আহি উপস্থিত হয় প্ৰেমিকাৰ ওচৰত। তেনেতেই সংঘটিত হয় অঘটন। হঠাত্ ঘৰত আহি উপস্থিত হোৱা ৰামবাবুৱে অবৈধ প্ৰেমিকৰে সৈতে অসংযত অৱস্থাত হাতে-লোটে ধৰা পেলায় পত্নীক। এই দৃশ্য দেখি খঙত অগ্নিশৰ্মা হৈ পৰা ৰামবাবুৱে ভাতৃ শ্যামবাবুৰ সৈতে মিলি শিলেৰে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে হত্যা কৰে পত্নীৰ অবৈধ প্ৰেমিকক। যি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ কানপুৰতে।

    এই ঘটনাৰ খবৰ লাভ কৰা মাত্ৰতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী প্ৰশাসনৰ লোক। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে এই ঘটনাক অবৈধ সম্পৰ্কৰ পৰিণতি বুলিয়ে চিহ্নিত কৰাৰ লগতে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।

    ইপিনে অতিৰিক্ত আৰক্ষী অধীক্ষক ঘনশ্যাম তিৱাৰীয়ে ঘটনা সম্পৰ্কত কয় যে, ২১ বছৰীয়া যুৱকজনৰ মৃতদেহটো নাথা ৰচুলাবাদৰ লক্ষ্মণপুৰ গাঁৱৰ বাহিৰত পোৱা গৈছিল । মূৰ আৰু কণ্ঠত আঘাতপ্ৰাপ্ত অৱস্থা পোৱা গৈছে মৃতদেহটো ।
    First published: