এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষয়ত্ৰী এতিয়া সমগ্ৰ দেশতে চৰ্চিত। শিক্ষয়ত্ৰীৰ কৰ্মকাণ্ড দেখি হতবাক হৈ পৰিছে সকলো। এখন দুখন নহয়, একেলগে ২৫ খন চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰি ১৩ মাহত সৰ্বমুঠ দৰমহা ল’লে ১ কোটি টকা।
শিক্ষয়ত্ৰীগৰাকীৰ নাম অনামিকা শুক্লা। উত্তৰপ্ৰদেশৰ ৰাজ্যিক প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়ত্ৰী এইগৰাকী অনামিকা শুক্লা।বিভাগীয়ভাৱে শিক্ষকৰ ডাটাবেছ প্ৰস্তুত কৰাৰ সময়তে এই ঘটনা পোহৰলৈ আহে। একেটা সময়তে তেওঁৰ নাম ৰাজ্যখনৰ আমেথি, আম্বেদকাৰ নগৰ, ৰায়বেৰেলি, প্ৰয়াগৰাজ, আলিগড়ৰ দৰে আন জিলাতো শিক্ষয়ত্ৰী হিচাপে পঞ্জীয়ন হৈ আছে।
যেতিয়াই শিক্ষা বিভাগৰ ফালৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী পঠিওৱা হয়, লগে লগে অনামিকা শুক্লাই অফিচলৈ আহি নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে। আৰু নিজকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে। আৰক্ষীয়ে কৈছে যে, শিক্ষয়ত্ৰীগৰাকীয়ে এক লাখ টকা ঘোচৰ বিনিময়ত বিভিন্ন বিদ্যালয়ত চাকৰি কৰি থকা দেখাইছিল।
ইফালে ঘটনা পোহৰলৈ অহাৰ পিছতে তেওঁৰ দৰমহা তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ে আৰু বিভিন্ন বিদ্যালয়ৰ পৰা দৰমহা গ্ৰহণ কৰাৰ বাবে তেওঁ একেটা একাউন্টে ব্যৱহাৰ কৰিছিল নে তাৰো অনুসন্ধান চলাই আছে। আনকি ৰাজ্যখনৰ শিক্ষামন্ত্ৰীয়ে বিভাগীয় তদন্তৰো নিৰ্দেশ দিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|