• Home
  • »
  • News
  • »
  • nation
  • »
  • UP Government Announces Compensation in Lakhimpur Kheri Incident: ৪৫ লাখ টকাকৈ ক্ষতিপূৰণ, চৰকাৰী চাকৰি! লখিমপুৰ কাণ্ডক লৈ ঘোষণা যোগী চৰকাৰৰ

UP Government Announces Compensation in Lakhimpur Kheri Incident: ৪৫ লাখ টকাকৈ ক্ষতিপূৰণ, চৰকাৰী চাকৰি! লখিমপুৰ কাণ্ডক লৈ ঘোষণা যোগী চৰকাৰৰ

এই ঘটনাৰ বাবে প্ৰবল অস্বস্তিৰ মাজত পৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ।

এই ঘটনাৰ বাবে প্ৰবল অস্বস্তিৰ মাজত পৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ।

এই ঘটনাৰ বাবে প্ৰবল অস্বস্তিৰ মাজত পৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ।

  • Share this:
উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা চাৰিজন কৃষকৰ পৰিয়াললৈ ৪৫ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে। লগতে মৃত কৃষকসকলৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদানৰো আশ্বাস দিয়া হৈছে। যিসকল এই ঘটনাত আহত হৈছে, তেওঁলোককো ১০ লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ ঘোষণা কৰা হৈছে। উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব অশ্বিনী আবস্থিয়ে এই ঘোষণা কৰিছে।

দেওবাৰে উত্তৰ প্ৰদেশৰ কৃষক বিক্ষোভত উত্তপ্ত হৈ পৰে লখিমপুৰ খেৰী। অভিযোগ, কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ গাড়ীয়ে চাৰিজন কৃষকক মহতিয়াই নিয়ে। এই চাৰিজন কৃষকৰ উপৰি চাৰিজন বিজেপি কৰ্মী আৰু এজন সাংবাদিকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

এই ঘটনাৰ বাবে প্ৰবল অস্বস্তিৰ মাজত পৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ততাতৈয়াকৈ বিক্ষোভকাৰী কৃষকৰ সৈতে আলোচনা আৰম্ভ কৰে প্ৰশাসনে। আৰু আলোচনাতে ক্ষতিপূৰণক লৈ ঐক্যমতত উপনীত হয় দুই পক্ষ।

দেওবাৰৰ ঘটনাৰ পিছত বৰ্তমান খেৰীক অভেদ্য দুৰ্গত পৰিণত কৰা হৈছে। লখিমপুৰলৈ যোৱাত বাধা প্ৰদান কৰা হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক। তেওঁক গৃহবন্দী কৰি ৰখা হৈছে। লখিমপুৰলৈ যোৱাত বাধাৰ সন্মুখীন হয় সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱো।

আনহাতে, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ দাবী, তেওঁ বা তেওঁৰ পুত্ৰ ঘটনাস্থলীত উপস্থিত নাছিল। যিধৰণে তেওঁলোকৰ নাম জড়িত কৰা হৈছে, তাৰ আঁৰত চক্ৰান্ত আছে বুলি অভিযোগ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ দাবী কৰে যে দেওবাৰে ঘটনাস্থলীৰে তেওঁৰ গাড়ী লৈ আহিছিল চালকে। সেই সময়তে গাড়ীলৈ লক্ষ্য কৰি শিলগুতি নিক্ষেপ কৰা হয়। যাৰ ফলত গাড়ীখন দুৰ্ঘটনাত পতিত হৈ দুই কৃষকৰ মৃত্যু হয়। কিন্তু দেওবাৰৰ ঘটনাৰ পিছত কষকসকলে অভিযোগ কৰে যে মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষেই গাড়ী চলাই কৃষকক মহতিয়াই নিছিল।

এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেওঁ কয়, এই ঘটনাত যিয়েই জড়িত নাথাকক কিয়, তেওঁলোকক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব।
Published by:Sanjay Kumar Das
First published: