দেশৰ প্ৰথমগৰাকী মহিলা মুছলমান মহিলা যুঁজাৰু বিমানৰ পাইলট হ’ব ছানিয়া মিৰ্জা। NDA পৰীক্ষাত ১৪৯সংখ্যক স্থান অধিকাৰ কৰে ছানিয়া মিৰ্জাই। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ বাসিন্দা ছানিয়া।
ছানিয়া মিৰ্জাৰ পিতৃ এজন টিভি মেকানিক। অতি কষ্টৰে কন্যাক পঢ়ুৱাইছিল তেওঁ। পিতৃৰ কষ্টৰ মান ৰাখিলে ছানিয়া মিৰ্জাই। এনডিএ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় বায়ুসেনাত দেশৰ প্ৰথম মুছলমান ফাইটাৰ পাইলট হোৱাৰ পথ প্ৰশস্ত কৰে।
এনডিএ পৰীক্ষাত ১৪৯সংখ্যক স্থান অধিকাৰ কৰা ছানিয়াই দশম শ্ৰেণীলৈ গাঁৱতে পঢ়া–শুনা কৰিছিল আৰু এই কৃতিত্ব অৰ্জন কৰাৰ পিছত ২৭ ডিচেম্বৰত পুনেত বায়ুসেনাত যোগদান কৰিব। এনডিএ ২০২২ৰ পৰীক্ষাত ৪০০ আসন আছিল, ইয়াৰ ভিতৰত দুখন আসন ফাইটাৰ পাইলটৰ বাবে আছিল।
প্ৰথম মহিলা পাইলট অৱণী চতুৰ্বেদীৰ পৰা প্ৰেৰণা লাভ কৰা ছানিয়াই এই সফলতা লাভ কৰে। উল্লেখযোগ্য যে প্ৰথমবাৰ ছানিয়া মিৰ্জাই সফলতা লাভ কৰা নাছিল, কিন্তু হাৰ মনা নাছিল। দ্বিতীয় বাৰত এই কঠিন পৰীক্ষাত উত্তীৰ্ণ হয় ছানিয়া।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 23, 2022, 16:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।