কোৰোণা ভাইৰাছ পজিটিভ দেউতাকৰ বাবে জীৱন ৰক্ষাকাৰী গেছ সংগ্ৰহৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱাৰ পিছত এই সংগ্ৰামক তেখেতে জীৱন ৰক্ষাকাৰী অভিযানলৈ পৰিণত কৰিছিল। আৰ্চিয়ে চুবুৰীয়া ৰাজ্য উত্তৰাখণ্ডকে ধৰি ইয়াৰ চাৰিওফালে থকা লোকসকলৰ বাবে যিমান সম্ভৱ অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰিছে।

কোভিড-১৯ মহামাৰী (COVID-19 pandemic)য়ে বিপৰ্যস্ত কৰি তোলা সময়চোৱাত ৰোগীসকলৰ মাজত অক্সিজেনৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন সময়ত প্ৰয়োজনীয় লোকসকলক সহায়ৰ বাবে বিভিন্নজন ওলাই আহিছে। ভাইৰেল ৰোগটোক পৰাস্ত কৰিবলৈ সক্ষম হোৱা ২৬ বছৰীয়া আৰ্চি (Arshi) এতিয়া "চিলিণ্ডাৰ ৱালি বিটিয়া" নামেৰে পৰিচিত হৈ পৰিছে।
কোৰোণা ভাইৰাছ পজিটিভ দেউতাকৰ বাবে জীৱন ৰক্ষাকাৰী গেছ সংগ্ৰহৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱাৰ পিছত এই সংগ্ৰামক তেখেতে জীৱন ৰক্ষাকাৰী অভিযানলৈ পৰিণত কৰিছিল। আৰ্চিয়ে চুবুৰীয়া ৰাজ্য উত্তৰাখণ্ডকে ধৰি ইয়াৰ চাৰিওফালে থকা লোকসকলৰ বাবে যিমান সম্ভৱ অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰিছে।
শ্বাহজাহানপুৰৰ মাদাৰ খেল এলেকাৰ বাসিন্দা যুৱতীগৰাকীয়ে তেখেতৰ স্কুটাৰেৰে এতিয়ালৈকে প্ৰায় ২০টা অক্সিজেন চিলিণ্ডাৰ বিনামূলীয়াকৈ বিতৰণ কৰিছে আৰু তেখেতৰ দুই ভাতৃ আৰু আন কিছু সহযোগীয়ে এই কামত সহায় কৰিছে। তেখেতৰ জনহিতকৰ কামৰ আৰম্ভণিৰ কথা সুঁৱৰি আৰ্চিয়ে ৰমজানৰ প্ৰথম দিনটোত কৈছিল, তেখেতৰ অসুস্থ দেউতাক মাচুৰৰ অৱস্থা অৱনতি হ'বলৈ আৰম্ভ কৰিছিল, আৰু তেওঁ কোভিড-১৯ পজিটিভ হোৱাৰ পিছত যুৱতীগৰাকীয়ে যথেষ্ট ভয় খায়। হোম আইছ’লেছনত থাকোঁতে, তেওঁৰ অক্সিজেনৰ স্তৰ হ্ৰাস হ'বলৈ আৰম্ভ কৰিছিল আৰু চিকিৎসকে অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা কৰিবলৈ কৈছিল।
অৱশ্যে, যেতিয়া মই কৰ্তৃপক্ষৰ ওচৰলৈ গৈছিলো, মোক কোৱা হৈছিল যে হোম আইছ’লেছনত থকা মোৰ দেউতাই অক্সিজেন চিলিণ্ডাৰ লাভ নকৰিলে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিয়া হৈছিল, আৰ্চিয়ে কয়। "সকলো ঠাইতে বিচৰাৰ পিছতো, মই অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা কৰিবলৈ সক্ষম হোৱা নাছিলো। হতাশা বাঢ়ি অহাৰ লগে লগে, মই কেনেবাকৈ মহানগৰ দণ্ডাধীশৰ কাৰ্যালয়ৰ পৰা এটা পাবলৈ সক্ষম হৈছিলো," আৰ্চিয়ে পিটিআইক কৈছিল।
"মই তেতিয়া হোৱাটছএপৰ জৰিয়তে উত্তৰাখণ্ডস্থিত এটা সামাজিক সংগঠনৰ সৈতে চিনাকি হৈছিলো যিয়ে মোৰ দেউতাৰ বাবে অক্সিজেন প্ৰদান কৰিছিল, আৰু পৰৱৰ্তী সময়ত তেওঁ আৰোগ্য হৈছিল," তেখেতে কয়।
এই ঘটনাৰ পিছত, অক্সিজেনৰ প্ৰয়োজন হোৱা কোভিড ৰোগীৰ পৰিয়ালবোৰৰ বিষয়ে চিন্তা কৰিছিলো। "তেতিয়াৰ পৰাই, ফোন বা হোৱাটছএপৰ জৰিয়তে অক্সিজেন বিচৰা সকলোকে সহায় কৰা হৈছিল। মই শ্বাহবাদ আৰু হাৰদোই (UP) আৰু উত্তৰাখণ্ডৰ কেইবাজনো লোকক অক্সিজেন প্ৰদান কৰিছো," ২৬ বছৰীয়া যুৱতীগৰাকীয়ে কয় যে তেখেতে এই কামৰ বাবদ কোনো মাচুল নলয়।
যুৱতীগৰাকীয়ে কেৱল তেখেতে সহায় কৰা লোকসকলৰ পৰাই নহয় ৰাজ্যখনৰ ৰাজনীতিবিদসকলৰ পৰাও তেখেতৰ বীৰত্বপূৰ্ণ কাৰ্য্যৰ বাবে যথেষ্ট সন্মান লাভ কৰিছে। সমাজবাদী পাৰ্টিৰ শ্বাহজাহানপুৰ জিলা সভাপতি তনবীৰ খানে কৈছিল যে আৰ্চিয়ে প্ৰয়োজন হোৱা লোকসকলক অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰাৰ অভিযান আৰম্ভ কৰিছে।
আৰ্চিক প্ৰশংসা কৰি স্থানীয় বাসিন্দা চৈয়দ নাভেদে কয় যে যুৱতীগৰাকীয়ে তেওঁক তেওঁৰ কোভিড-১৯ পজিটিভ পিতৃৰ বাবে তিনিটা অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিছিল।
ইফালে, শ্বাহজাহানপুৰৰ মুখ্য চিকিৎসা বিষয়া এছ পি গৌতমে কয় "জিলাখনত অক্সিজেনৰ কোনো অভাৱ নাই আৰু চিকিৎসালয়সমূহত অক্সিজেন উপলব্ধ। ইয়াৰ উপৰিও, যিসকল লোক কোভিড-১৯ সংক্ৰমিত আৰু হোম আইছ’লেছনত আছে, তেওঁলোকক মহানগৰ দণ্ডাধীশে অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰি আছে"।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|