দুপৰীয়া ভাতৰ লগত মেথি শাক বুলি পৰিয়ালটোৱে খালে ভাঙৰ ভাজি। পিছত চিকিত্সালয়ত ভৰ্তি হ’বলগীয়া হয় পৰিয়ালটোৰ আটাইকেইজন সদস্য।
দুপৰীয়া ভাতৰ লগত মেথি শাক বুলি পৰিয়ালটোৱে খালে ভাঙৰ ভাজি। পিছত চিকিত্সালয়ত ভৰ্তি হ’বলগীয়া হয় পৰিয়ালটোৰ আটাইকেইজন সদস্য।
আজৱ ঘটনা! দুপৰীয়া ভাতৰ লগত মেথিৰ শাক বুলি ভাবি ভাং ভাজি খাই চিকিত্সালত ভৰ্তি হ’বলগীয়া হ’ল এটা পৰিয়াল। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কনৌজত।
নভল কিশোৰ নামৰ এজন লোকে ঘৰৰ কাষৰে এজনক ধেমালীৰ চলেৰে ভাঙৰ পেকেট এটা দি ক’লে যে, সেয়া মেথি শাক। সহজ সৰল লোক জনে পেকেটটো ঘৰলৈ লৈ গৈ আলুৰ সৈতে ভাজিবলৈ কয় পৰিয়ালৰ লোকক। আৰু দুপৰীয়া ভাতৰ লগত তিনিজনীয়া পৰিয়ালটোৱে মেথিৰ শাক বুলি খাই ভাঙৰ ভাজি।
ভাঙৰ ভাজি খোৱাৰ পিছতে অসুস্থ হৈ পৰে ঘৰৰ আটাইকেইজন লোক। আনকি আটাইকেইজনে চিকিত্সালতো ভৰ্তি কৰাবলগীয়া হয়। পিছত ঘৰত আৰক্ষী উপস্থিত হৈ উদঘাটন কৰে আচল ৰহস্য।
আৰক্ষীয়ে ইতিমধ্যে নভল কিশোৰক গ্ৰেপ্তাৰ কৰিছে। নভল কিশোৰে আৰক্ষীক জনাইছে যে, ‘ধেমালীৰ চলেৰে মেথিৰ শাক বুলি দিছিল ভাং। কিন্তু ভবা নাছিল পৰিয়ালটোৱে সঁচাকৈ সেইখিনি ভাজি খাব বুলি।’
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|