কেন্দ্রীয় আয়ুষ মন্ত্রী তথা কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যােগী আদিত্যনাথৰ সৈতে ৰাজ্যখনৰ স্বাস্থ্যসেৱাত নতুন সংযােজনেৰে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ ৰূপায়িত কৰে আৰু কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ আধাৰশিলা কৰে।
ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ অধীনত বিভিন্ন কল্যাণকামী পদক্ষেপৰ বাবে ভাৰত চৰকাৰে উত্তৰ প্রদেশলৈ মুঠ ৫৫৩.৩৬ কোটি টকা মুকলি কৰিছে।দেশত এক বহনক্ষম, কার্যকৰী আৰু সুলভ স্বাস্থ্যসেৱা গঢ়ি তােলাৰ প্ৰচেষ্টাৰ অংশ হিচাপে শুকুৰবাৰে উত্তৰ প্রদেশত আঠখন নতুন ৫০ বিছনাযুক্ত সমন্বিতে আয়ুষ চিকিৎসালয় উদ্বোধন কৰে কেন্দ্রীয় মন্ত্রী আৰু মুখ্যমন্ত্ৰীয়ে। পুণ্যভূমি অযােধ্যাত কেন্দ্রীয়ভাৱে আয়ােজিত একেটা অনুষ্ঠানতে তেওঁলােকে ৰাজ্যখনৰ বিভিন্ন প্রান্তত মুঠ ৫০০টা নতুন আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্রও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
তদুপৰি, অযােধ্যাত ৪৯.৮৩ কোটি টকা ব্যয়েৰে আয়ুষ শিক্ষা প্রতিষ্ঠান (আয়ুর্বেদ) স্থাপনৰ আধাৰশিলা সম্পন্ন কৰা হয়। ছয়খন চহৰত ৫০ বিছনাযুক্ত ছয়খন সমন্বিত আয়ুষ চিকিৎসালয় স্থাপন আৰু ৰাজ্যখনৰ বিভিন্ন জিলাত ২৫০ খন নতুন আয়ুষ ঔষধালয় স্থাপনৰাে আধাৰশিলা স্থাপন কৰা হয়।
ৰাজ্যখনত এক শক্তিশালী স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তােলাত আয়ুষৰ ভূমিকা সন্দৰ্ভত বক্তব্য ৰাখি সর্বানন্দ সােণােৱালে কয়, "আজিৰ পদক্ষেপসমূহে সর্বসাধাৰণ ৰাইজক বিভিন্ন আয়ুষ প্রণালীৰ সঠিক লাভালাভ প্রাপ্ত কৰাত সহায় কৰিব। আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্র মুখ্যতঃ প্রাথমিক পর্যায়ত নির্মাণ কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে আয়ুষ নীতি আৰু পদ্ধতিৰ আধাৰত জনসাধাৰণৰ সামগ্রিক স্বাস্থ্যৰ যত্ন লােৱা, যাতে সর্বস্তৰৰ সকলাে লােকে এক স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰে।"
এই ঐতিহ্য অক্ষুন্ন ৰাখি প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত বিশ্বজুৰি আয়ুষ প্ৰণালীৰ জনপ্ৰিয়কৰণত সােণােৱালে গুৰুত্ব আৰােপ কৰে। উত্তৰ প্ৰদেশৰ কর্মঠ, লােকপ্রিয় মুখ্যমন্ত্রী যােগী আদিত্যনাথক ভূয়সী প্রশংসা কৰি সােণােৱালে কয় যে, "মােদীজী আৰু আদিত্যনাথজীৰ যুটিয়ে উত্তৰ প্ৰদেশলৈ দ্রুত আৰু আমূল পৰিৱৰ্তন কঢ়িয়াই আনিছে, যিয়ে সামৰি লৈছে সর্বস্তৰৰ নাগৰিকক।"
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|