মোদী-যোগীৰ জনপ্ৰিয়তা বাঢ়িছে উত্তৰপ্ৰদেশত। গেৰুৱা শিৱিৰত আনন্দৰ লহৰ।
মোদী-যোগীৰ জনপ্ৰিয়তা বাঢ়িছে উত্তৰপ্ৰদেশত। গেৰুৱা শিৱিৰত আনন্দৰ লহৰ।
Exit Pollযেন সঁচা প্ৰমাণিত হ'ল। উত্তৰ প্ৰদেশত সংখ্যাগৰিষ্ঠতা একপ্ৰকাৰ নিশ্চিত কৰিছে বিজেপিয়ে। পুৱাৰ পৰা দেখা ট্ৰেণ্ড অনুসৰি, উত্তৰ প্ৰদেশত বিজেপি ইখনৰ পিছত সিখন আসনত আগবাঢ়ি আছে। দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত ইতিমধ্যে উদযাপন আৰম্ভ হৈছে এই বিজয় উৎসৱ। ২০২৪ চনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ফলাফলে বিজেপি শিবিৰক নতুন অক্সিজেন প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ফলাফলৰ প্ৰৱণতা অনুসৰি অনুমান কৰিব পৰা যায় যে, বিজেপিয়ে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত। আয়োগে এতিয়ালৈকে ৩৯৯ খন আসনৰ ট্ৰেণ্ড প্ৰকাশ কৰিছে। বিজেপিয়ে ইয়াৰ ভিতৰত ২৪৮ খন আসনত আগবাঢ়ি আছে। শেহতীয়া নিৰ্বাচনৰ ফলাফলৰ ট্ৰেণ্ড অনুসৰি, সমাজবাদী পাৰ্টি ১১২ খন আসনত আগবাঢ়ি আছে।
সামগ্ৰিকভাৱে, মোদী-যোগীৰ 'ডাবল ইঞ্জিন' চৰকাৰৰ সপোনৰ আধাৰত গেৰুৱা শিবিৰে উত্তৰ প্ৰদেশত ইয়াৰ জয়ৰ ধাৰা অব্যাহত ৰাখিছে। যোগী আদিত্যনাথৰো জনপ্ৰিয়তা হ্ৰাস হোৱা নাই বুলি ৰাতিপুৱাৰে পৰা ইংগিত পোৱা গৈছে। এটাৰ পিছত এটা সমষ্টিত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে। উত্তৰ প্ৰদেশত, ৪০৩ টা বিধানসভা সমষ্টিৰ ভিতৰত ২৬৪টা সমষ্টিত বিজেপি মিত্ৰজোঁট আগবাঢ়ি আছে। সমাজবাদী পাৰ্টি মিত্ৰজোঁটে ১২৪ টা সমষ্টিত আগবাঢ়ি আছে। আনকি উন্নাওৰ দৰে বিতৰ্কিত স্থানতো বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে।
পুৱাৰ পৰা দেখা ট্ৰেণ্ড অনুসৰি বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাটো এক প্ৰকাশ স্পষ্ট হৈ আছে। ৰাজনৈতিক বিশ্লেষকসকল দাবী কৰে যে, উত্তৰপ্ৰদেশৰ ৰাজনীতিয়েই দেশৰ ৰাজনীতিৰ দিশ নিৰ্ণয় কৰে। ৰাজ্যখনত যিটো দলৰ হাতলৈ ক্ষমতা আহে, সেই দলেই লোকসভা নিৰ্বাচনতো ক্ষমতা লাভ কৰে বুলি কব বিচাৰে ৰাজনৈতিক বিশ্লেষক বা ইতিহাসে। গতিকে উত্তৰপ্ৰদেশত ২০২২ৰ বিধানসভা নিৰ্বাচনৰ জয়ে ২০২৪ৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে বিজেপিক অক্সিজেন প্ৰদান কৰিলে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|