ঘৰৰ অমতত প্ৰেম কৰাই হ’ল কাল! প্ৰেমিক-প্ৰেমিকাক জীৱন্তে জ্বলাই দিলে প্ৰেমিকাৰ পৰিয়ালে

অভিযোগ অনুসৰি, প্ৰেমিকক ঘৰলৈ মাতি প্ৰেমিকাৰ সৈতে জীৱন্তে জ্বলাই দিলে প্ৰমিকাৰ পৰিয়ালে।
অভিযোগ অনুসৰি, প্ৰেমিকক ঘৰলৈ মাতি প্ৰেমিকাৰ সৈতে জীৱন্তে জ্বলাই দিলে প্ৰমিকাৰ পৰিয়ালে।
- News18 Assam
- Last Updated: August 6, 2020, 5:59 PM IST
বুধবাৰে আবেলি সংঘটিত হয় এই ঘটনা। ঘটনা সংঘটিত হোৱাৰ পিছতে দুয়োকে স্থানীয় চিকিত্সালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে ২৩ বছৰীয়া ভোলা নামৰ প্ৰেমিক জনে মৃত্যুক সাৱটি লৈছে। ইফালে দেহৰ ৮০ শতাংশ জ্বলি যোৱা প্ৰেমিকা প্ৰিয়ংকাক সংকটজনক অৱস্থাত কানপুৰৰ হাস্পতাললৈ ৰেফাৰ কৰা হৈছে।

ইফালে বৃহস্পতিবাৰে ভোলাৰ মৰনোত্তৰ পৰীক্ষা কৰোৱা হয়। মৃত যুৱকগৰাকীৰ পিতৃয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। ভোলাৰ পিতৃৰ মতে, প্ৰিয়ংকাৰ পৰিয়ালে ষড়যন্ত্ৰমূলক ভাবে মাতি নি তেওঁৰ পুত্ৰক হত্যা কৰে।