আৰক্ষী চকীত এজন যুৱকে স্বপ্না চৌধুৰীৰ গীতত কৰিলে উদ্দাম নৃত্য
আৰক্ষী চকীত এজন যুৱকে স্বপ্না চৌধুৰীৰ গীতত কৰিলে উদ্দাম নৃত্য
বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা হৈছে যে, এজন যুৱকে স্বপ্না চৌধুৰীৰ ‘তেৰি আঁখো কা কাজল’ গীতত থানাৰ চৌহদতে কৰিছে উদ্দাম নৃত্য। যাৰ ফলত এতিয়া অস্বস্তিত পৰিছে উত্তৰ প্ৰদেশৰ আৰক্ষী প্ৰশাসন।
ঘটনাটো সংঘটিত হৈছিল উত্তৰ প্ৰদেশৰ ‘ইটোৱাহ’ থানাত। ল’ক ডাউন অমান্য কৰা এজন যুৱকক থানালৈ আনি আৰক্ষীয়ে শাস্তি হিচাপে স্বপ্না চৌধুৰীৰ গীতত কৰোৱাইছিল নৃত্য। আনকি দুই এজন আৰক্ষীয়ে যুৱকজনক সহযোগ কৰাও দেখিবলৈ পোৱা গৈছিল। আৰক্ষী থানাত দোষীয়ে কৰা নৃত্য ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত।
ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে অনুশাসন ভংগৰ অপৰাধত থানাখনৰ আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|