উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সোমবাৰে জনসংখ্যা নিয়ন্ত্ৰন সন্দৰ্ভত অনুস্থিত এক সভাত বিষয়াসকলক কয় জনসংখ্যা নিয়ন্ত্ৰণব্যৱস্থা বলবৎ কৰোঁতে, তেওঁলোকে জনসংখ্যাৰ ভাৰসাম্য আৰু ধৰ্মীয় জনগাঁথনিৰ কথা মনত ৰাখিব লাগে, অন্যথা ই বিশৃংখলতা আৰু অৰাজকতাৰ সৃষ্টি কৰিব পাৰে। লক্ষ্ণৌত বিশ্ব জনসংখ্যা দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ দি আদিত্যনাথে কয়, "যেতিয়া আমি পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা স্থিৰকৰণৰ কথা কওঁ, আমি মনত ৰাখিব লাগিব যে জনসংখ্যা নিয়ন্ত্ৰণ কাৰ্যসূচী আগবাঢ়িব লাগে, কিন্তু জনসংখ্যাৰ ভাৰসাম্যহীনতা পৰিস্থিতি উদ্ভৱ হ'ব নালাগে... এয়া হ'ব নালাগে যে এটা সম্প্ৰদায়ৰ লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক আৰু তেওঁলোকৰ শতাংশ অধিক, আনহাতে স্থানীয় বাসিন্দা কিছুমান লোকৰ জনসংখ্যাস্থিৰকৰণত, আমি সজাগতা আৰু প্ৰৱৰ্তনৰ জৰিয়তে জনসংখ্যাৰ ভাৰসাম্য বজাই ৰাখোঁ।"
এই ধৰণৰ পৰিস্থিতি উদ্বেগজনক বুলি অভিহিত কৰি আদিত্যনাথে কয়: "যিবোৰ দেশত জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ এনে পৰিস্থিতি উদ্ভৱ হয়, ই ধৰ্মীয় জনগাঁথনিক প্ৰভাৱিত কৰে, আৰু কিছু সময়ৰ পিছত, বিশৃংখলতা আৰু অৰাজকতা সংঘটিত হ'বলৈ আৰম্ভ কৰে।"
সেয়েহে, যেতিয়াই আমি জনসংখ্যা স্থিৰকৰণৰ কথা কওঁ, ই প্ৰতিটো জাতি, ধৰ্ম, ভাষা আৰু অঞ্চলৰ ক্ষেত্ৰত হ'ব লাগে, তেওঁ কয়, "সকলো ধৰ্মৰে ক্ষেত্ৰত সজাগতা সমানে সৃষ্টি কৰা উচিত"।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লগতে কয়, বৰ্ধিত জনসংখ্যাৰে দেশত বিশৃংখলতা অনাতকৈ স্বাস্থ্যৱান আৰু দক্ষ জনশক্তিৰে দেশক আগুৱাই নিয়া উচিত
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|