Uttar Pradesh Assembly Election 2022 Phase 1 : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আছে যোগী আদিত্যনাথ মন্ত্ৰীসভাৰ ৯গৰাকী মন্ত্ৰীৰ বিধানসভা সমষ্টিও।
Uttar Pradesh Assembly Election 2022 Phase 1 : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আছে যোগী আদিত্যনাথ মন্ত্ৰীসভাৰ ৯গৰাকী মন্ত্ৰীৰ বিধানসভা সমষ্টিও।
দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ শুভাৰম্ভ হ'ল উত্তৰ প্ৰদেশৰ পৰা। আজি ৰাজ্যখনৰ ৫৮খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। মুঠ ৪০৩খন বিধানসভা আসনৰ বাবে উত্তৰ প্ৰদেশত (Uttar Pradesh) সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আজি সাতটা পৰ্যায়ৰ ভোটদানৰ ভিতৰত প্ৰথমটো পৰ্যায়ৰ (first phase of assembly elections) ভোটগ্ৰহণত ভোটাদানৰ হাৰ ৬০ শতাংশৰো অধিক বুলি নিৰ্বাচন আয়োগৰ বিষয়া বি ডি ৰাম তিৱাৰীয়ে ( B D Ram Tiwari) জানিবলৈ দিয়ে।
ৰাম তিৱাৰীয়ে লগতে জানিবলৈ দিয়া মতে, সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সমাপ্ত হয়, অৱশ্যে কিছু ভোটকেন্দ্ৰত EVM বেয়া হৈছিল (EVM glitches) যদিও নতুন মেচিন প্ৰদান কৰি ভোটগ্ৰহণ সুকলমে চলাই নিয়া হয়। উল্লেখ্য, মুঠ ১১খন জিলা ক্ৰমে মুজাফ্ফৰনগৰ, মীৰাট, বাগপত, গাজিয়াবাদ, চামলি, হাপুৰ, গৌতম বুধ নগৰ, বুলন্দচহৰ, আলিগড়, আগ্ৰা আৰু মথুৰাত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হয় (58 constituencies spread across 11 districts)।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬২৩গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। ৰাজ্যখনত ১১ জিলাৰ ২.২৭ কোটি নাগৰিকে তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব। এই পৰ্যায়ৰ ভিতৰত আছে যোগী আদিত্যনাথ মন্ত্ৰীসভাৰ ৯ গৰাকী মন্ত্ৰীও।
উল্লেখ্য, ২০১৭ চনৰ নিৰ্বাচনত এই ৫৮খন আসনৰ ভিতৰত ৫৩ খনেই লাভ কৰিছিল বিজেপিয়ে। কিন্তু এইবাৰৰ হিচাপ কিছু সলনি হোৱা সম্ভাৱনা ব্যক্ত কৰা হৈছে। বিজেপি (BJP), সমাজবাদী দল (SP), বিএছপি (BSP), আৰএলডি (RLD), কংগ্ৰেছ (Congress) তথা আন সৰু-সুৰা স্থানীয় ৰাজনৈতিক দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদিও মূল যুঁজ বিজেপিৰ সৈতে হ'ব। ৭ মাৰ্চত সমাপ্ত হ'বলগীয়া উত্তৰ প্ৰদেশৰ সাতটা পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ১০ মাৰ্চত।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|