• Home
  • »
  • News
  • »
  • nation
  • »
  • ১০ বছৰত সীমান্তৱৰ্তী জিলাত ৩২% বৃদ্ধি মুছলমানৰ জনসংখ্যা, ধুবুৰী–কৰিমগঞ্জ–দক্ষিণ শালমাৰা–কাছাৰত অস্বাভাৱিক হাৰত সলনি জনগাঁথনি

১০ বছৰত সীমান্তৱৰ্তী জিলাত ৩২% বৃদ্ধি মুছলমানৰ জনসংখ্যা, ধুবুৰী–কৰিমগঞ্জ–দক্ষিণ শালমাৰা–কাছাৰত অস্বাভাৱিক হাৰত সলনি জনগাঁথনি

দুয়োখন ৰাজ্যই পৰামৰ্শ আগবঢ়াইছে যে বিএছএফৰ অধিকাৰক্ষেত্ৰৰ পৰিসৰ ৫০ কিলোমিটাৰৰ পৰা ১০০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে।

দুয়োখন ৰাজ্যই পৰামৰ্শ আগবঢ়াইছে যে বিএছএফৰ অধিকাৰক্ষেত্ৰৰ পৰিসৰ ৫০ কিলোমিটাৰৰ পৰা ১০০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে।

দুয়োখন ৰাজ্যই পৰামৰ্শ আগবঢ়াইছে যে বিএছএফৰ অধিকাৰক্ষেত্ৰৰ পৰিসৰ ৫০ কিলোমিটাৰৰ পৰা ১০০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে।

  • Share this:
উত্তৰ প্ৰদেশ আৰু অসমত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে সংযুক্ত জিলাসমূহত বিগত ১০ বছৰত অপ্ৰত্যাশিতভাৱে সলনি হৈছে জনগাঁথনি। কেন্দ্ৰীয় চোৰাংচোৱাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমতো এই সন্দৰ্ভত প্ৰকাশ পাইছে বাতৰি। গাঁও পঞ্চায়তৰ তথ্যৰ আধাৰত উত্তৰ প্ৰদেশ আৰু অসম আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ পৃথকে পৃথকে প্ৰতিবেদন প্ৰেৰণ কৰিছে। দুয়োখন প্ৰতিবেদনত কোৱা হৈছে যে সীমান্তত থকা জিলাসমূহত মুছলমান জনসংখ্যা ২০১১ৰ তুলনাত ৩২ শতাংশ বৃদ্ধি পাইছে, সমগ্ৰ দেশত এই বৃদ্ধিৰ হাৰ ১০ৰ পৰা ১৫ শতাংশৰ মাজত। অৰ্থাৎ মুছলমান জনসংখ্যা স্বাভাৱিকতকৈ ২০% বেছি বৃদ্ধি পাইছে।

নিৰাপত্তা সংস্থা আৰু ৰাজ্যৰ আৰক্ষীয়ে এই জনগাঁথনিৰ এই পৰিৱৰ্তনক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি অতি সংবেদনশীল বুলি অনুভৱ কৰিছে। সেয়ে দুয়োখন ৰাজ্যই পৰামৰ্শ আগবঢ়াইছে যে বিএছএফৰ অধিকাৰক্ষেত্ৰৰ পৰিসৰ ৫০ কিলোমিটাৰৰ পৰা ১০০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে। অৰ্থাৎ সীমান্তৰ পৰা ১০০ কিলোমিটাৰ পৰ্যন্ত তদন্ত আৰু তালাচীৰ অধিকাৰ থাকিব বি এছ এফৰ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিষয়াই কয় যে এনে ধৰণৰ বৃহৎ জনগাঁথনি পৰিৱৰ্তন কেৱল জনসংখ্যা বৃদ্ধিৰ বিষয় নহয়। এয়া ভাৰতত অনুপ্ৰৱেশৰ নতুন ডিজাইন হ’ব পাৰে। সেইবাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এতিয়াৰে পৰা উচিত নজৰ ৰাখিব লাগিব। সেইবাবে উত্তৰ প্ৰদেশ আৰু অসমৰ নিৰাপত্তা সংস্থাই বিএছএফৰ অধিকাৰক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে।

গুজৰাটক বাদ দি আন সীমান্তৱৰ্তী ৰাজ্য পঞ্জাব, ৰাজস্থান, পশ্চিম বংগ, অসম, উত্তৰ প্ৰদেশ আৰু উত্তৰ–পূবৰ ৰাজ্যসমূহত পূৰ্বে বিএছএফৰ অধিকাৰ ক্ষেত্ৰ ১৫ কিলোমিটাৰতে সীমিত আছিল। ২০২১ৰ অক্টোবৰত এই পৰিসৰ ৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হয়। একাংশই ৰাজ্যই ইয়াক লৈ আপত্তিও দৰ্শাইছিল। এতিয়া অসম আৰু উত্তৰ প্ৰদেশৰ ক্ষেত্ৰত এই পৰিসৰ ১০০ কিলোমিটাৰ কৰাৰ দাবী কৰা হৈছে। সূত্ৰ অনুসৰি, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত প্ৰস্তুতিও আৰম্ভ কৰিছে।

বাংলাদেশ সীমান্তৱৰ্তী অসমৰ ধুবুৰী, কৰিমগঞ্জ, দক্ষিণ শালমাৰা আৰু কাছাৰ জিলাত মুছলমান জনসংখ্যা ৩২ শতাংশ বৃদ্ধি পাইছে। ২০১১ চনৰ লোকপিয়লৰ ৰাষ্ট্ৰীয় গড় অনুমান অনুসৰি জনসংখ্যা বৃদ্ধি ১২.৫% আৰু ৰাজ্যিক পৰ্যায়ৰ অনুমান অনুসৰি ১৩.৫% হ’ব লাগিছিল।

আনহাতে, নেপাল সীমান্তৱৰ্তী উত্তৰ প্ৰদেশৰ পাঁচখন জিলা পিলিভিট, খিৰী, মহাৰাজগঞ্জ, বলৰামপুৰ আৰু বহৰাইচত মুছলমান জনসংখ্যা ২০১১ৰ ৰাষ্ট্ৰীয় গড় অনুমানৰ তুলনাত ২০ শতাংশৰ অধিক বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৫খন সীমান্তৱৰ্তী জিলাত ১০০০ৰ অধিক গাঁও আছে, য’ত ১১৬খন গাঁৱত মুছলমান লোকৰ জনসংখ্যা এতিয়া ৫০ শতাংশৰ অধিক হৈছে। মুঠ ৩০৩খন এনেকুৱা গাঁও আছে, য’ত মুছলমানৰ জনসংখ্যা ৩০ৰ পা ৫০ শতাংশৰ মাজত।

উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী জিলাত মছজিদ আৰু মাদ্ৰাছাৰ সংখ্যা ২০১৮ৰ এপ্ৰিলৰ পৰা ২০২২ৰ মাৰ্চলৈ ২৫ শতাংশ বৃদ্ধি পাইছে। ২০১৮ত সীমান্তৱৰ্তী জিলাত মুঠ ১৩৪৯টা মছজিদ আৰু মাদ্ৰা আছিল, যিটো এতিয়া ১৬৮৮লৈ বৃদ্ধি পাইছে।

আৰক্ষীৰ প্ৰতিবেদনত সীমান্ত অঞ্চলত দীৰ্ঘদিন ধৰি অনুপ্ৰৱেশ চলি থকাৰ কথাও আঙুলিয়াই দিয়া হৈছে। বাহিৰৰ পৰা অহা মানুহবোৰ বেছিভাগেই মুছলমান। এনেধৰণৰ চোৰাংচোৱাৰ প্ৰতিবেদন সময়ে সময়ে আহি আছে।
Published by:Sanjay Kumar Das
First published: