যোৱা বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ বান্দাৰ যমুনা নদীত মানুহ কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী নাও ডুবি যোৱাৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক সন্ধানহীন হোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মুঠ ১৫ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু সাতৰ পৰা আঠজন সাঁতুৰি সুৰক্ষিত স্থানলৈ গৈছে বুলি আৰক্ষীয়ে জনায়। এনডিআৰএফ আৰু এছডিআৰএফ দলো এক বৃহৎ অনুসন্ধান আৰু উদ্ধাৰ অভিযান ব্যস্ত আছে বুলিও আৰক্ষীয়ে উল্লেখ কৰে।
আৰক্ষীয়ে জনোৱা অনুসৰি, নাওখন মাৰ্কাৰ পৰা ফাতেহপুৰ জিলাৰ জাৰাউলি ঘাটলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। আৰক্ষী অধীক্ষক অভিনন্দনে কয় যে নাওখনত ৩০ ৰ পৰা ৩৫ জন লোক আছিল। সন্ধানহীন লোকসকলক বিচাৰি উলিওৱাৰ বাবে ডুবাৰুসকলৰ সহায় লোৱা হৈছে।