উন্নাও কাণ্ডৰ মৃত যুৱতীৰ পিতৃক লাগে হায়দৰাবাদৰ দৰে এনকাউণ্টাৰ, ভাতৃয়ে ক’লে নাম নোহোৱা কৰক

News18 Assam | News18-Assam
Updated:December 7, 2019, 10:31 AM IST
উন্নাও কাণ্ডৰ মৃত যুৱতীৰ পিতৃক লাগে হায়দৰাবাদৰ দৰে এনকাউণ্টাৰ, ভাতৃয়ে ক’লে নাম নোহোৱা কৰক
হায়দৰাবাদত চাৰিটাকৈ বলাৎকাৰীক আৰক্ষীয়ে এনকাউণ্টাৰত হত্যা কৰাৰ দিনাই উন্নাও কাণ্ডৰ পীড়িতাই দগ্ধ শৰীৰ লৈ চকু মুদিলে।

হায়দৰাবাদত চাৰিটাকৈ বলাৎকাৰীক আৰক্ষীয়ে এনকাউণ্টাৰত হত্যা কৰাৰ দিনাই উন্নাও কাণ্ডৰ পীড়িতাই দগ্ধ শৰীৰ লৈ চকু মুদিলে।

  • Share this:
জামিনত ওলোৱা বলাৎকাৰীয়ে ছুৰী মাৰি তেল ঢালি জ্বলাই দিয়াৰ পিছত ৯০শতাংশ জ্বলি যোৱা শৰীৰেৰে জীৱনৰ ওচৰত হাৰি মানিলে উন্নাও কাণ্ডৰ পীড়িতাই। হায়দৰাবাদত আৰক্ষীয়ে এনকাউণ্টাৰত চাৰিটা বলাৎকাৰীক গুলীয়াই হত্যা কৰাৰ দিনাই দিল্লীৰ ছফদৰজং হাস্পতালত মৃত্যুৰ কোলাত ঢলি পৰে যুৱতীগৰাকী।

দুৰ্ভগীয়া যুৱতীগৰাকীৰ পিতৃয়ে এতিয়া বিচাৰিছে হায়দৰাবাদৰ এনকাউণ্টাৰৰ দৰে উন্নাও কাণ্ডৰ অভিযুক্তকো হত্যা কৰা হওক। ভাতৃয়ে কয়, তেওঁলোকৰ নাম নোহোৱা কৰক।

২৩বছৰীয়া যুৱতীগৰাকীক বলাৎকাৰ কৰা অপৰাধীয়ে কৰ্টলৈ যোৱাৰ সময়ত অস্ত্ৰৰে আক্ৰমণ কৰি জ্বলাই দিয়াৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিল্লীৰ হাস্পতালত মৃত্যুৰে যুঁজ দি হাৰ মনা যুৱতীগৰাকীৰ পিতৃয়ে বিচাৰিলে হায়দৰাবাদৰ এনকাউণ্টাৰৰ দৰে ন্যায়।

 

মোৰ ছোৱালীজনী হেৰুৱালো। তাইৰ হত্যাকাৰী কেইটাক গুলীয়াই মাৰক।
শোকত ভাগি পৰা পিতৃয়ে কয়।

মই নিবিচাৰো সেই পাঁচজন ব্যক্তি জীয়াই থাকক।তেওঁলোকৰ নাম নোহোৱা হৈ যাব লাগে। মই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অনুৰোধ কৰিছো যাতে এই দিশত গুৰুত্ব দিয়ে। তাই মোক বচাবলৈ বাৰে বাৰে কৈছিল, কিন্তু মই নোৱাৰিলো।
যুৱতীগৰাকীৰ ভাতৃয়ে কয়।

বৃহস্পতিবাৰে পুৱা প্ৰায় চাৰি বজাত যুৱতীগৰাকীয়ে কৰ্টত অধিবক্তাক লগ কৰাৰ কাৰণে ৰায়বেৰেলী যাবলৈ ট্ৰেন ধৰিবলৈ বেচৱাৰা বিহাৰ ৰেলৱে ষ্টেশ্যনলৈ গৈ আছিল। সেই সময়তে গাঁৱৰে হৰিশংকৰ ত্ৰিবেদী, কিশোৰ, শুভম, শিৱম আৰু উমেশে ঘেৰি লৈ মুৰত লাঠিৰে প্ৰহাৰ কৰি ডিঙিত ছুৰীৰে ৰেপি জ্বলাই দিয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি