জামিন পোৱা বলাৎকাৰীয়ে ছুৰী মাৰি জ্বলাই দিলে ধৰ্ষিতাক, ৯০শতাংশ অগ্নিদগ্ধ যুৱতীৰ অৱস্থা অতি সংকটজনক

News18 Assam | News18-Assam
Updated:December 7, 2019, 10:27 AM IST
জামিন পোৱা বলাৎকাৰীয়ে ছুৰী মাৰি জ্বলাই দিলে ধৰ্ষিতাক, ৯০শতাংশ অগ্নিদগ্ধ যুৱতীৰ অৱস্থা অতি সংকটজনক
প্ৰতীকি ফটো

পুৱা প্ৰায় চাৰি বজাত তেওঁ ৰায়বেৰেলী যাবলৈ ট্ৰেন ধৰিবলৈ বেচৱাৰা বিহাৰ ৰেলৱে ষ্টেশ্যনলৈ গৈ আছিল। সেই সময়তে গাঁৱৰে হৰিশংকৰ ত্ৰিবেদী, কিশোৰ, শুভম, শিৱম আৰু উমেশে ঘেৰি লৈ মুৰত লাঠিৰে প্ৰহাৰ কৰি ডিঙিত ছুৰীৰে ৰেপি জ্বলাই দিয়ে। 

  • Share this:
দেশজুৰি বলাৎকাৰ কাণ্ডৰ বিৰুদ্ধে গণৰোষৰ সৃষ্টি হোৱাৰ সময়তে সংঘটিত হৈছে চাঞ্চল্যৰ সৃষ্টি কৰা আন এক নৃশংস কাণ্ডৰ।  নিৰ্যাতিতাৰ ওপৰত বলাৎকাৰীৰ প্ৰতিশোধৰ এই ঘটনা উত্তৰ প্ৰদেশৰ। দেশ জোকাৰি যোৱা উন্নাও কাণ্ডৰ নিৰ্যাতিতাক জীৱন্তে জ্বলাই দিয়াৰ অপচেষ্টা কৰে অভিযুক্তই। অতৰ্কিতে আক্ৰমণ চলাই বলাৎকাৰীয়ে যুৱতীগৰাকীৰ শৰীৰত অগ্নিসংযোগ কৰাৰ ফলত দুৰ্ভগীয়া নিৰ্যাতিতাগৰাকীৰ শৰীৰৰ ৯০শতাংশ অগ্নিদগ্ধ হৈছে। ২৩বছৰীয়া যুৱতীগৰাকীক ততালিকে চিকিৎসালয়লৈ নিয়া হয় যদিও বৰ্তমান অতি সংকটজনক অৱস্থাত যুৱতীগৰাকী দিল্লীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

প্ৰত্যক্ষদৰ্শীৰ মতে নিৰ্যাতিতাগৰাকীক ৫জন লোকে জীৱন্তে জ্বলাই হত্যা কৰাৰ চেষ্টা কৰাৰ পিছত জুইৰে আগুৰি ধৰা দেহটো লৈ নিৰ্যাতিতাগৰাকীয়ে নিজৰ পৰা ঘৰৰ পৰা প্ৰায় ১কিলোমিটাৰ পথ খোজকাঢ়ি আৰক্ষীক খবৰ দিয়ে। নিজেই তেওঁ ওচৰৰ মানুহক মাতি সহায় বিচাৰে।

আৰক্ষীয়ে উন্নাও কাণ্ডৰ নিৰ্যাতিতাক জ্বলাই হত্যা কৰিবলৈ অপচেষ্টা চলোৱা ৫টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ দুটাই বিগত বৰ্ষত নিৰ্যাতিতাগৰাকীক বলাৎকাৰ কৰিছিল। সেই সময়ত এটাক গ্ৰেপ্তাৰ কৰিছিল আৰু কিছুদিন আগত সি জামিনত বাহিৰলৈ আহিছিল।

জঘন্য বলাৎকাৰী কেইটাই বাৰে বাৰে নিৰ্যাতিতাক ধৰ্ষণৰ ভিডিও ভাইৰেল কৰাৰ ধমকি দি নিৰ্যাতন চলাই গৈছিল। সংকটজনক অৱস্থাত চিকিৎসাধীন নিৰ্যাতিতাগৰাকীৰ মতে বৃহস্পতিবাৰে পুৱা প্ৰায় চাৰি বজাত তেওঁ ৰায়বেৰেলী যাবলৈ ট্ৰেন ধৰিবলৈ বেচৱাৰা বিহাৰ ৰেলৱে ষ্টেশ্যনলৈ গৈ আছিল। সেই সময়তে গাঁৱৰে হৰিশংকৰ ত্ৰিবেদী, কিশোৰ, শুভম, শিৱম আৰু উমেশে ঘেৰি লৈ মুৰত লাঠিৰে প্ৰহাৰ কৰি ডিঙিত ছুৰীৰে ৰেপি জ্বলাই দিয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading