Unlock 4: ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব পাৰে এই সেৱা, খুলিবনে শিক্ষানুষ্ঠান? কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে কৰিব পাৰে ঘোষণা

News18 Assam | News18-Assam
Updated:August 29, 2020, 12:01 PM IST
Unlock 4: ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব পাৰে এই সেৱা, খুলিবনে শিক্ষানুষ্ঠান? কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে কৰিব পাৰে ঘোষণা
Source-Google

জানো আহক ১ ছেপ্তেম্বৰৰ পৰা কি কি সেৱা আৰম্ভ হ’ব আৰু ক’ত ক’ত থাকিব নিষেধাজ্ঞা?

  • Share this:
দেশত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই ৩৩ লাখৰ ঘৰ অতিক্ৰম কৰাৰ পথত। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে কম দিনৰ ভিতৰত Unlock 4 প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে।জানিব পৰা মতে, ১ ছেপ্তেম্বৰৰ পৰা সীমিত সংখ্যাত মেট্ৰ ৰে’ল সেৱা আৰম্ভ হ’ব পাৰে। আনল’ক ৪.০কলৈ শীঘ্ৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিব সবিশেষ গাইড লাইন।

কি কি থাকিব পাৰে আনল’ক ৪.০ৰ গাইড লাইনত?

-জানিব পৰা মতে, স্কুল-কলেজ খুলিবলৈ দিয়া নহ’ব অনুমতি।

-ইতিমধ্যে বিশ্ববিদ্যালয়, আই আই টি, আই আই এমৰ দৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহ খোলাৰ সন্দৰ্ভত চলি আছে আলোচনা।

-কণ্টেইনমেণ্ট জ’নত কঠোৰ ল’ক ডাউন ঘোষণাৰ সম্ভাৱনা আছে।

-মেট্ৰ’ ৰে’ল সৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

-জানিব পৰা মতে, চিনেমা গৃহ খোলাৰো নাই কোনো সম্ভাৱনা।

-কেন্দ্ৰীয় চৰকাৰে এই সময়ছোৱাত যিসমূহ স্থান স্পৰ্শকাতৰ, সেই ঠাই সমূহত তীক্ষ্ন দৃষ্টি ৰাখিব।

-ৰাজ্য চৰকাৰ সমূহৰ হাতত বিশেষ ক্ষমতা অৰ্পণ কৰাৰ সম্ভাৱনা আছে।

-অক্টোবৰ মাহলৈকে সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, মনোৰঞ্জন, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠানৰ লগতে অন্যান্য ঠাই য’ত ব্যাপক জমসমাগম হ’ব পাৰে, তেন্তে ঠাইত প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে।

-আন্তঃৰাষ্ট্ৰী বিমান যাত্ৰা আৰু নিয়মিত ৰে’ল সেৱা আৰম্ভ হোৱাৰ বিশেষ সম্ভাৱনা নাই।
Published by: Himangshu Bhuyan
First published: August 29, 2020, 11:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading