• Home
  • »
  • News
  • »
  • nation
  • »
  • Independence Day 2020: দেশৰ এইখন ঠাইত ১৫ নহয় ১৬ আগষ্টত পালন কৰা হয় স্বাধীনতা দিৱস

Independence Day 2020: দেশৰ এইখন ঠাইত ১৫ নহয় ১৬ আগষ্টত পালন কৰা হয় স্বাধীনতা দিৱস

Independence day In Theog: চিমলাৰ থিয়’গত ১৬ আগষ্টত থিয়’গ উৎসৱ পালন হয়। কিন্তু এইবাৰ কোৰোণাৰ কাৰণে এই কাৰ্যসূচী পালন নহয়। 

Independence day In Theog: চিমলাৰ থিয়’গত ১৬ আগষ্টত থিয়’গ উৎসৱ পালন হয়। কিন্তু এইবাৰ কোৰোণাৰ কাৰণে এই কাৰ্যসূচী পালন নহয়। 

Independence day In Theog: চিমলাৰ থিয়’গত ১৬ আগষ্টত থিয়’গ উৎসৱ পালন হয়। কিন্তু এইবাৰ কোৰোণাৰ কাৰণে এই কাৰ্যসূচী পালন নহয়। 

  • Share this:
চিমলাঃ আমাৰ দেশত ১৫ আগষ্ট অৰ্থাৎ আজি প্ৰতিবাৰৰ দৰে স্বাধীনতা দিৱসৰ (Independence) কাৰ্যসূচী পালন কৰা হৈছে। কিন্তু দেশৰ এনে এক প্ৰান্ত আছে য’ত ১৬ আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়।

হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাৰ পৰা ৩০ কিলোমিটাৰ দূৰৈৰ থিয়’গত ১৬ আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়। দেশৰ চিমলাৰ থিয়’গ সাম্ৰাজ্য সৰ্বপ্ৰথম ৰজাৰ শাসনৰ পৰা মুক্ত হৈছিল। স্বাধীন ভাৰতত গণ নিৰ্বাচিত প্ৰথম চৰকাৰ ১৬ আগষ্ট, ১৯৪৭ চনত ইয়াত গঠন হৈছিল।

সুৰত ৰাম প্ৰকাশে থিয়’গ সাম্ৰাজ্যত প্ৰথম ৮জন মন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। তেতিয়াৰ পৰা ইয়াত স্বাধীনতা দিৱস, থিয়’গ উৎসৱ আৰু জিলা স্তৰৰ উৎসৱ ১৬ আগষ্টত পালন কৰা হয়।

জানিব পৰা মতে ১৫ আগষ্ট, ১৯৪৭চনত থিয়’গ সাম্ৰাজ্যৰ ৰজা কৰ্মচন্দ্ৰৰ ৰাজমহলৰ বাহিৰত মানুহ একত্ৰিত হৈছিল। গণ বিক্ষোভৰ কাৰণে তেওঁ ৰাজপাট এৰিব লগা হৈছিল। ৰজা কৰ্মচন্দ্ৰৰ পিছত সেই ঠাইত গণতন্ত্ৰই গা কৰি উঠে আৰু সুৰত ৰাম প্ৰকাশে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁৰ সৈতে আছিল গৃহমন্ত্ৰী বুদ্ধিৰাম বৰ্মা, শিক্ষা মন্ত্ৰী সীতাৰাম বৰ্মা আৰু শপত গ্ৰহণ লোৱা আন আঠজন মন্ত্ৰী। বৰ্তমানেও থিয়’গত ৰেহল উৎসৱৰ সময়ত পুৰণি মন্ত্ৰীমণ্ডল সহ আমন্ত্ৰণ পত্ৰ দিয়া হয় আৰু প্ৰশাসনে চৰকাৰী ভাৱে ১৬ আগষ্টত ইয়াত কাৰ্যসূচী অনুষ্ঠিত কৰে।

উপলব্ধ আৰু তথ্য মতে, ১৫ আৰু ১৬ আগষ্টত চিমলাৰ থিয়’গৰ পৰা প্ৰজামণ্ডল আন্দোলনৰ আৰম্ভনি হয়। ইয়াৰ সমসাময়িকভাৱে দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়। সুৰত ৰামে প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে মণ্ডীৰ সুন্দৰনগৰত সেই ঠাইৰ ৰজাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হয়।

কোৰোণাৰ কাৰণে এইবাৰ ১৬ আগষ্টত পালন কৰিবলগীয়া থিয়’গ উৎসৱ পালন নহ’ল।
First published: