‘মোৰ সমগ্ৰ জীৱন অৰ্পণ কৰিছো মণিপুৰবাসীৰ বাবে’ – ৪৪ বছৰ মূৰত জন্মভূমিত উপস্থিত হৈ ঘোষণা ৰাজ কুমাৰ মেঘেনৰ

News18 Assam | News18-Assam
Updated:November 29, 2019, 8:30 AM IST
‘মোৰ সমগ্ৰ জীৱন অৰ্পণ কৰিছো মণিপুৰবাসীৰ বাবে’ – ৪৪ বছৰ মূৰত জন্মভূমিত উপস্থিত হৈ ঘোষণা ৰাজ কুমাৰ মেঘেনৰ
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তিৰ কুৰি দিন পিছত ইম্ফলত পুত্ৰসহ উপস্থিত হ’ল UNLFৰ অধ্যক্ষ ৰাজ কুমাৰ মেঘেন ওৰফে ছানায়ামা

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তিৰ কুৰি দিন পিছত ইম্ফলত পুত্ৰসহ উপস্থিত হ’ল UNLFৰ অধ্যক্ষ ৰাজ কুমাৰ মেঘেন ওৰফে ছানায়ামা

  • Share this:
এবছৰ, নহয় দুবছৰ নহয়৷ সুদীৰ্ঘ ৪৪টা বছৰৰ অন্তত তেওঁ উপস্থিত হৈছে নিজ জন্মভূমিত৷ তেওঁক চাবলৈ, তেওঁক আদৰণি জনাবলৈ বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পুৱাৰে পৰা অপেক্ষা কৰিছিল সহস্ৰাধিক লোকে৷

তেওঁৰ নামেই হ’ল ৰাজ কুমাৰ মেঘেন ওৰফে ছানায়ামা৷ মণিপুৰৰ পুৰণি সশস্ত্ৰ বিদ্ৰোহী সংগঠন ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (UNLF)ৰ অধ্যক্ষ ছানায়ামা৷

ইম্ফলৰ বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দুপৰীয়া ১.২৬ বজাত পুত্ৰ আৰকে ছিংলেনৰ সৈতে উপস্থিত হৈয়ে মেঘেনে ঘোষণা কৰিলে – ‘মই মণিপুৰবাসীৰ উৎসাহ-উদ্দীপনাত জীয়াই আছো।’

বিমানবন্দৰত সাংবাদিকৰে হোৱা বাৰ্তালাপত মেঘেনে ক’লে, ‘মই মোৰ সমগ্ৰ জীৱন মণিপুৰবাসী ৰাইজৰ নামত উৎসৰ্গা কৰিছো আৰু মণিপুৰবাসীৰ হৈ মই কাম কৰি যাম৷’

উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনসমূহৰ মাজত নম্ৰ-ভদ্ৰ, অমায়িক কিন্তু নিজৰ স্থিতিত অতি স্থিৰ বুলি জনাজাত ৰাজ কুমাৰ মেঘেনে ইতিমধ্যে একাধিকবাৰ ভাৰত চৰকাৰে দিয়া আলোচনাৰ প্ৰস্তাৱক নস্যাৎ কৰি আহিছে৷

মেঘেনৰ মূল দাবী - মণিপুৰ স্বাধীন দেশ৷ ইয়াক ভাৰতে এৰি দিব লাগে৷ মণিপুৰ স্বাধীন হ’বনে নহয় সেয়া মণিপুৰবাসী ৰাইজে সিদ্ধান্ত ল’ব৷ সেই হিচাপত মণিপুৰত ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিৰ উপস্থিতিত গণভোটৰ পোষকতা কৰি আহিছে UNLFৰ মূৰব্বী মেঘেনে৷

উল্লেখযোগ্য যে ২০১০ৰ ২৯ ছেপ্টেম্বৰত ঢাকাৰ পৰা বাংলাদেশৰ চোৰাংচোৱাই মেঘেনক আটক কৰি গতাই দিছিল ভাৰত চৰকাৰৰ হাতত৷ পৰৱৰ্তী সময়ত নেচনেল ইনভেষ্টিগেছন এজেন্সি (NIA)এ মেঘেনক বিহাৰৰ মতিহাৰীত গ্ৰেপ্তাৰ কৰোৱা দেখুৱাই গুৱাহাটীৰ NIA আদালতত সেই বছৰৰে ৪ ডিচেম্বৰত হাজিৰ কৰাইছিল৷ NIAৰ অভিযোগনামাৰ ভিত্তিত আদালতে দহ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছিল৷

দহ বছৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ জীৱন কটোৱাৰ পিছত বিগত ৯ নৱেম্বৰত কাৰাগাৰৰ পৰা মুকল হৈছিল মেঘেন৷ কিন্তু কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত মেঘেনক ইণ্টেলিজেন্স এজেন্সী (IB)য়ে গুৱাহাটীত দুদিন আৱদ্ধ কৰি ৰাখি ১১ নৱেম্বৰত নতুন দিল্লী লৈ গৈছিল৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি