মণিপুৰলৈ উভতিব UNLFৰ অধ্যক্ষ মেঘেন, উৎসাহি মণিপুৰবাসী

News18 Assam | News18-Assam
Updated:November 27, 2019, 5:52 PM IST
মণিপুৰলৈ উভতিব UNLFৰ অধ্যক্ষ মেঘেন, উৎসাহি মণিপুৰবাসী
২০১০ৰ নবেম্বৰত বাংলাদেশত দেশখনৰ চোৰাংচোৱাই মেঘেনক আটক কৰি ভাৰত চৰকাৰৰ হাতত গটাই দিছিল

২০১০ৰ নবেম্বৰত বাংলাদেশত দেশখনৰ চোৰাংচোৱাই মেঘেনক আটক কৰি ভাৰত চৰকাৰৰ হাতত গটাই দিছিল

  • Share this:
বৃহস্পতিবাৰে গৃহভূমিলৈ উভতিব UNLFৰ মূৰব্বী ৰাজ কুমাৰ মেঘেন ওৰফে ছানায়ামা ৷ সুদীৰ্ঘ ৪৪ বছৰৰ মূৰত গৃহভূমি মণিপুৰলৈ মেঘেন উভতি উভটি অহাৰ খবৰে উৎসাহিত কৰি তুলিছে মণিপুৰৰ ৰাইজক ৷

বিগত ৯ নৱেম্বৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দহবছৰীয়া কাৰাবাসৰ অন্তত মুক্তি পাইছিল মেঘেনে ৷ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ দুদিন পিছতে ইণ্ট্ৰেলিজেন্স ব্যুৰয়ে নতুন দিল্লীলৈ লৈ গৈছিল মণিপুৰী বিদ্ৰোহী নেতাজনক ৷

মুখ্যতঃ কেন্দ্ৰীয় চৰকাৰৰ সৈতে নগা বিদ্ৰোহীৰ মাজত হ'বলগীয়া চূড়ান্ত চুক্তিৰ বাবেই মণিপুৰলৈ যাব নালাগে বুলি মেঘেনক অনুৰোধ জনাইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷

উল্লেখযোগ্য যে বিগত ২০১০ৰ নৱেম্বৰত বাংলাদেশত দেশখনৰ চোৰাংচোৱাই মেঘেনক আটক কৰি ভাৰত চৰকাৰৰ হাতত গটাই দিছিল ৷ ভাৰত চৰকাৰে মেঘেনক আলোচনাৰ প্ৰস্তাৱ দি আহিছে যদিও মেঘেনে মণিপুৰৰ স্বাধীনতাৰ দাবীত গণভোটৰহে প্ৰস্তাৱ দি আছে ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি