জয়লাভৰ পিছতে AAPৰ বিধায়কলৈ লক্ষ্য কৰি গুলীচালনা, থিতাতে নিহত দলীয় কৰ্মী

News18 Assam | News18-Assam
Updated:February 12, 2020, 1:17 PM IST
জয়লাভৰ পিছতে AAPৰ বিধায়কলৈ লক্ষ্য কৰি গুলীচালনা, থিতাতে নিহত দলীয় কৰ্মী
Photo Collected

বিজয়ৰ আনন্দ উল্লাসৰ মাজতে ৰাজপথত তেজৰ দাগ!

  • Share this:
বিজয়ৰ আনন্দ উল্লাসৰ মাজতে ৰাজপথত তেজৰ দাগ! আপৰ নৱ নিৰ্বাচিত বিধায়কক হত্যা কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ।  দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ অভূতপূৰ্ব বিজয়ৰ পিছতে নৱনিৰ্বাচিত বিধায়কলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। ঘটনাই এতিয়া সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিজয়ৰ পিছতে আপৰ নৱনিৰ্বাচিত বিধায়ক নৰেশ যাদৱে  দলীয় সমৰ্থক অশোক মানৰ সৈতে মন্দিৰলৈ গৈছিল। তাতেই বিধায়কজনলৈ লক্ষ্য কৰি কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে।  কিন্তু বিধায়ক জনলৈ লক্ষ্য কৰি কৰা গুলী, লাগে সমৰ্থক অশোক মানৰ শৰীৰত। থিতাতে নিহত হয় অশোক মান। আহত হৈছে অন্য এজন আপৰ সমৰ্থক।


আৰু চাওক
পৰৱৰ্তী বাতৰি