‘তুমকো য়াদ ৰখেংগে গুৰু হম’- বলিষ্ঠ অভিনেতা ইৰফান খানৰ জীৱনৰ বহু নজনা কথা...

Himangshu Bhuyan | News18-Assam
Updated:April 29, 2020, 2:28 PM IST
‘তুমকো য়াদ ৰখেংগে গুৰু হম’- বলিষ্ঠ অভিনেতা ইৰফান খানৰ জীৱনৰ বহু নজনা কথা...
ৱৰ্ল্ড চিনেমাই হেৰুৱালে এজন চিৰ সেউজ অভিনেতা

ৱৰ্ল্ড চিনেমাই হেৰুৱালে এজন চিৰ সেউজ অভিনেতা

  • Share this:
অৱসান ঘটিল বলীউদৰ এক বৰ্ণিল অধ্যায়। যিজন অভিনেতাই কথা ক’লেই সংলাপৰ ৰূপ লৈছিল, সকলো ধৰণৰ চৰিত্ৰৰ বাবে সম্পূৰ্ণ ফিট, অভিনেতা ইৰফান খানৰ মৃত্যু কেৱল বলীউদৰ বাবেই ক্ষতি নহয়, বৰঞ্চ ৱৰ্ল্ড চিনেমাই হেৰুৱালে এজন চিৰ সেউজ অভিনেতা।

১৯৬৭ চনৰ ১৭ জানুৱাৰী তাৰিখে জয়পুৰত জন্মগ্ৰহণ কৰিছিল অভিনেতা ইৰফান খানে। ইৰফান খানৰ সম্পূৰ্ণ নাম আছিল চাহাবজাদে ইৰফান আলী খান।

বলীউদৰ অভিষেক

১৯৮৮ চনত চালাম বম্বে ছবিৰ জৰিয়তে বলীউদত অভিষেক ঘটিছিল ইৰফান খানৰ। পৰৱৰ্তী সময়ত মকবুল, দ্যা লাঞ্চবক্স, লাইফ অৱ পাই, ব্লেকমেইল, ইনফেৰ্ণো,পিকো, হিন্দী মেডিয়াম আদি বহু ছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতা ইৰফান খানে। শেহতীয়াকৈ ২০২০ বৰ্ষত অংগ্ৰেজী মেডিয়াম ছবিত অভিনয় কৰিছিল অভিনেতাজনে।

শৰীৰেও কথা কৈছিল ইৰফান খানৰ-

ইৰফান খানৰ অভিনয় আছিল সদায় ব্যতিক্ৰম। মুখৰ সংলাপৰ লগতে অভিনেতাজনৰ শাৰীৰিক ভাব-ভংগিমাইয়ো আপ্লুত কৰিছিল শত-সহস্ৰজনক।

ইৰফান খানৰ বিষয়ে নজনা কেইটামান কথা-


  •  অভিনেতা নহয়, এজন ক্ৰিকেটাৰ হোৱাৰহে মন আছিল ইৰফান খানৰ।

  • ১৯৮৮ চনত NSDত পঢ়ি থকাৰ সময়তে ‘চালাম বম্বে’ ছবিৰ বাবে মীৰা নায়াৰে নিৰ্বাচিত কৰিছিল ইৰফান খানক।

  • মুম্বাইত প্ৰথমে এ চি ভাল কৰাৰ কাম কৰিছিল ইৰফান খানে। আৰু এ চি ভাল কৰাৰ কামত এবাৰ সেইসময়ৰ ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ ঘৰলৈও যোৱাৰ সৌভাগ্য হৈছিল ইৰফান খানৰ। এই কথা এটা সাক্ষাত্‍কাৰত অভিনেতাজনে নিজ মুখে স্বীকাৰ কৰিছিল।

  • ইৰফান খান বলীউদৰ প্ৰথমজন অভিনেতা যি অভিনয় কৰা দুখন ছবিয়ে( শ্লামড’গ মিলিয়নাৰ, লাইফ অৱ পাই) অস্কাৰ বঁটা লাভ কৰিছিল।

  • ২০১৪ চনত ইৰফান খানে এচিয়ান ফিল্ম এৱাৰ্ড ফৰ বেষ্ট এক্টৰ সন্মান লাভ কৰিছিল।

  • ২০১১ চনত ইৰফান খানে ভাৰতীয় ছবিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰে।

Published by: Himangshu Bhuyan
First published: April 29, 2020, 1:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি