লোকসভাৰ সাংসদ তথা AIMIMৰ মুৰব্বী আছাদউদ্দিন ওৱেছিৰ ( Asaduddin Owaisi) বাহনলৈ লক্ষ্য কৰি অজ্ঞাত আততায়ীয়ে গুলীবৰ্ষণ কৰে। উত্তৰ প্ৰদেশৰ পৰা দিল্লী অভিমুখে উভতি অহাৰ সময়ত সংঘটিত হয় এই ঘটনা। সাংসদগৰাকীয়ে উল্লেখ কৰা মতে, ছজাৰসী টোলগেটত (Chhajarsi toll gate) তেওঁৰ গাড়ীলৈ লক্ষ্য কৰি ৪জাঁই গুলীবৰ্ষণ কৰা হৈছিল (Firing on Asaduddin Owaisi’s Car)।
গুলীবৰ্ষণ কৰি আততায়ীয়ে অস্ত্ৰ-শস্ত্ৰ এৰি পলায়ন কৰে। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও ওৱেছিৰ গাড়ীখন সামান্য ক্ষতিগ্ৰস্ত হয়। ঘটনাস্থলীৰ পৰা তেওঁ তুৰন্তে আন এখন গাড়ীৰে গন্তব্যস্থানলৈ ৰাওনা হয়।
कुछ देर पहले छिजारसी टोल गेट पर मेरी गाड़ी पर गोलियाँ चलाई गयी। 4 राउंड फ़ायर हुए। 3-4 लोग थे, सब के सब भाग गए और हथियार वहीं छोड़ गए। मेरी गाड़ी पंक्चर हो गयी, लेकिन मैं दूसरी गाड़ी में बैठ कर वहाँ से निकल गया। हम सब महफ़ूज़ हैं। अलहमदु’लिलाह। pic.twitter.com/Q55qJbYRih