বিশ্ববিদ্যালয় সমূহে অনুষ্ঠিত কৰিব পাৰিব পৰীক্ষা, UGCৰ নিয়ম অনুসৰিয়েই অনুষ্ঠিত হ’ব চূড়ান্ত বৰ্ষৰ পৰীক্ষা

News18 Assam | News18-Assam
Updated:July 6, 2020, 11:02 PM IST
বিশ্ববিদ্যালয় সমূহে অনুষ্ঠিত কৰিব পাৰিব পৰীক্ষা, UGCৰ নিয়ম অনুসৰিয়েই অনুষ্ঠিত হ’ব চূড়ান্ত বৰ্ষৰ পৰীক্ষা
Source-Google

বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ।

  • Share this:
বিশ্ববিদ্যালয় সমূহে অনুষ্ঠিত কৰিব পাৰিব পৰীক্ষা। UGCৰ নিয়ম অনুসৰিয়েই অনুষ্ঠিত হ’ব চূড়ান্ত বৰ্ষৰ পৰীক্ষা। বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ। সোমবাৰে গৃহ মন্ত্ৰণালয়ে কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা সচিবক পত্ৰ প্ৰেৰণ কৰি এই অনুমতি প্ৰদান কৰে।



বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুমোদিত ‘Standard Operating Protocol’ মানি চলি বিশ্ববিদ্যালয়ৰ শৈক্ষিক কেলেণ্ডাৰত ধাৰ্য কৰা অনুসৰি চূড়ান্ত বৰ্ষ বা ষাণ্মাসিকৰ পৰীক্ষা সমূহ অনুষ্ঠিত কৰিব লাগিব।

উল্লেখযোগ্য যে, কোৰোণা মহামাৰীক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয় তথা উচ্চ শিক্ষা প্ৰতিষ্ঠান সমূহৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছিল।
Published by: Himangshu Bhuyan
First published: July 6, 2020, 11:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading