உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ভাৰতৰ প্ৰথমখন থলুৱা বিমান বাহক (আইএচি) বিক্রান্ত প্রকল্পৰ বুজ ল'লে মন্ত্রী সর্বানন্দ সােণােৱালে

    ভাৰতৰ প্ৰথমখন থলুৱা বিমান বাহক (আইএচি) বিক্রান্ত প্রকল্পৰ বুজ ল'লে মন্ত্রী সর্বানন্দ সােণােৱালে

    কেৰালাত কি কি ক'লে সৰ্বানন্দ সোণোৱালে?

    কেৰালাত কি কি ক'লে সৰ্বানন্দ সোণোৱালে?

    কেৰালাত কি কি ক'লে সৰ্বানন্দ সোণোৱালে?

    • Share this:
    কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে দেওবাৰে ভাৰতৰ প্ৰথমখন থলুৱা বিমান বাহক (আইএচি) পৰিদৰ্শন কৰে আৰু সমগ্র প্রকল্পটোৰ অগ্ৰগতিৰ বুজ লয়।

    কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রণালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ কোচিন শ্বিপয়ার্ড লিমিটেডৰ অধীনত বিমান বাহকখন নির্মাণ কৰা হৈছে। এয়াৰক্ৰাষ্ট কেৰিয়াৰখনে ২০২১ চনৰ আগষ্টত সফলতাৰে ইয়াৰ প্রথম সাগৰীয় পৰীক্ষণ সম্পূর্ণ কৰিছিল আৰু বর্তমান সাগৰত ইয়াৰ দ্বিতীয় পর্যায়ৰ পৰীক্ষণ চলি আছে।

    ৭৬% তকৈও অধিক থলুৱা সমলৰ সৈতে, থলুৱা এয়াৰক্ৰাষ্ট কেৰিয়াৰ — বিক্ৰান্ত হৈছে ভাৰতৰ দ্বাৰা ডিজাইন আৰু নিৰ্মাণ কৰা এতিয়ালৈকে আটাইতকৈ ডাঙৰ আৰু শক্তিশালী যুঁজাৰু বাহন।

    এই পৰিদর্শনকালত সর্বানন্দ সােণােৱালৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ সচিব ড° সঞ্জীৱ ৰঞ্জন, কোচিন শ্বিপয়ার্ড লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মধু এছ নায়াৰ প্ৰমুখ্যে মন্ত্রণালয়টোৰ লগতে লিমিটেৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল। তদুপৰি ভাৰতীয়নৌসেনাৰ ফালৰ পৰা নৌ সেনাপ্রধান এডমিৰেল কৰমবীৰ সিং, ভাইচ এডমিৰেল এ কে চাওলা এফঅ'চিআইএনচি দক্ষিণ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলাে উপস্থিত আছিল।
    Published by:Himangshu Bhuyan
    First published: