• Home
  • »
  • News
  • »
  • nation
  • »
  • Sarbananda Sonowal: মানৱ জীৱনৰ সামগ্ৰিক সমৃদ্ধিৰ বাবে চেতনা শক্তিৰ বৈজ্ঞানিক অধ্যয়ন অতিকৈ প্ৰয়োজনীয় : সৰ্বানন্দ সোণোৱাল

Sarbananda Sonowal: মানৱ জীৱনৰ সামগ্ৰিক সমৃদ্ধিৰ বাবে চেতনা শক্তিৰ বৈজ্ঞানিক অধ্যয়ন অতিকৈ প্ৰয়োজনীয় : সৰ্বানন্দ সোণোৱাল

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্রতিষ্ঠান আৰুইণ্ডিয়া ফাউণ্ডেচনৰদ্বাৰা যুটীয়াভাৱে আয়োজিতআন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ শুভ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্রতিষ্ঠান আৰুইণ্ডিয়া ফাউণ্ডেচনৰদ্বাৰা যুটীয়াভাৱে আয়োজিতআন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ শুভ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্রতিষ্ঠান আৰুইণ্ডিয়া ফাউণ্ডেচনৰদ্বাৰা যুটীয়াভাৱে আয়োজিতআন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ শুভ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

  • Share this:
ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্রতিষ্ঠান আৰু ইণ্ডিয়া ফাউণ্ডেচনৰ দ্বাৰা বেংগালুৰুত ২২-২৪ ছেপ্টেম্বৰলৈ যুটীয়াভাৱে আয়োজিত"চেতনা শক্তি- বিজ্ঞান, সমাজ, প্রযুক্তি আৰু আধ্যাত্মিকতা" শীর্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনৰ আজি শুভ উদ্বোধন কৰে কেন্দ্রীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

জীৱনৰ সকলো অভিজ্ঞতাৰ বাবে চেতনা শক্তি এক অবিচ্ছেদ্য অংশ। এই সন্মিলনখনত পদার্থ বিজ্ঞান, জীৱবিজ্ঞান, স্নায়ুবিজ্ঞান, কৃত্রিম বুদ্ধিমত্তা, চাইবাৰনেটিকছ্, কোৱাণ্টাম কম্পিউটিং আৰু আনুষঙ্গিক ক্ষেত্ৰৰ লগতে আধ্যাত্মিকতা আৰু মানসিক স্বাস্থ্যবিজ্ঞানৰ সৈতে জড়িত বিশিষ্ট পণ্ডিত, গৱেষক, বিজ্ঞানী আদি একত্ৰিত হৈছে।

সন্মিলনখনৰ উদ্দেশ্য হৈছে ভাৰতীয় তথা এছিয়ান আৰু পাশ্চাত্যৰ বিজ্ঞানী, প্রযুক্তিবিদ, সমাজবিজ্ঞানী, আধ্যাত্মিক আৰু দাৰ্শনিক পণ্ডিতসকলৰ মাজত সহমতৰ সৃষ্টিৰ বাবে এখন উমৈহতীয়া সাঁকো গঢ় দিয়া। তদুপৰি, সন্মিলনখনৰ লক্ষ্য হৈছে স্নায়ুবিজ্ঞান, ধ্যান, দৰ্শন আৰু কৃত্রিম বুদ্ধিমত্তাৰএকত্ৰিকৰণেৰে সমাজৰ কল্যাণৰ হকে কাম কৰাত উৎসাহ যোগোৱা।

এই প্ৰসংগত কেন্দ্রীয় মন্ত্ৰী সোণোৱালে কয়, "চেতনাৰ আৰোগ্য নোহোৱাকৈ যিকোনো মানুহৰ সুস্থতা সম্পূর্ণ নহয়। সাম্প্রতিক সময়ত মানসিক স্বাস্থ্যৰ সমস্যাবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়।মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমাৰ চৰকাৰে দেশখনত মানৱ জীৱনৰ মান উন্নত কৰাৰ বাবে বদ্ধপৰিকৰ হৈ কাম কৰি আছে। যদিও বস্তুবাদী বিকাশ গুৰুত্বপূৰ্ণ, কিন্তু শান্তি আৰু আধ্যাত্মিকতা অবিহনে এনে বিকাশ নিষ্ফল হ'ব পাৰে। সেয়েহে এই দিশবোৰক গুৰুত্বসহকাৰে লোৱা হৈছে আৰু আমাৰ সমৃদ্ধময় পৰম্পৰাগত ঐতিহ্যৰ চানেকি- আয়ুৰ্বেদৰ জৰিয়তে জীৱনৰ মান সমৃদ্ধ কৰাৰ সম্ভাৱনাক অন্বেষণ কৰা হৈছে।"

সোণোৱালে কয়, "এখন সুস্থ-সবল ভাৰত গঢ়ি তোলাৰ বাবে দেশৰ মুখ্য চিকিৎসালয়সমূহত আধুনিক ঔষধি ক্লিনিকৰ সমান্তৰাল ভাৱে আয়ুষ ক্লিনিক স্থাপন কৰাৰ বাবেও মোদী ডাঙৰীয়াই আমাক নির্দেশনা প্রদান কৰিছিল। এইক্ষেত্ৰত আমি ক্ষিপ্ৰতাৰে কাম কৰি আছোঁ। তেখেতৰ নিৰ্দেশমৰ্মে পৰম্পৰাগত বিজ্ঞানসন্মত ঔষধি পদ্ধতিৰ জৰিয়তে মানৱ সমাজৰ কিদৰে ব্যাপক ৰূপত কল্যাণ সাধন কৰিব পাৰি, সেই সন্দৰ্ভত আয়ুষ মন্ত্রণালয়ৰ তৰফৰপৰা আমি বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ।"

উদ্বোধনী অধিৱেশনত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি সোণোৱালে লগতে কয়, "আমাৰ সকলোৰে মাজত সাৰ্বজনীন অনুভৱ 'চেতনা' বিৰাজমান। বৈজ্ঞানিক অনুসন্ধানৰ কেন্দ্ৰবিন্দু হোৱা 'চেতনা' আৰু মানসিক স্বাস্থ্য সন্দৰ্ভত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন উদ্বোধন কৰিবলৈ পাই মই আনন্দিত হৈছোঁ আৰু উদ্যোক্তাসকলৰ সবল প্ৰচেষ্টাৰ আন্তৰিক শলাগ লৈছোঁ।"

উদ্বোধনী অনুষ্ঠানত কৰ্ণাটক চৰকাৰ, ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্যআৰু স্নায়ুবিজ্ঞান প্রতিষ্ঠান, ইণ্ডিয়া ফাউণ্ডেচন আদিৰপ্রতিনিধিসকল আৰু জ্ঞানী- গুণী ব্যক্তিসকল উপস্থিত থাকে।তদুপৰি সৰ্বানন্দ সোণোৱালে আজি আয়ুষ মন্ত্রণালয়ৰ অধীনস্থ "আয়ুস্বাস্থ্য যোজনা"ৰ অংশ হিচাপে বেংগালুৰুৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্রতিষ্ঠানত উৎকৰ্ষতাৰ কেন্দ্ৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই প্রকল্পৰ মুখ্য উদ্দেশ্য হৈছে সমন্বিত যোগ আৰু আয়ুৰ্বেদ চিকিৎসাৰ ক্ষেত্ৰত সম্পূৰ্ণ কার্যকৰিতা, সুৰক্ষা আৰু প্ৰস্তাৱিত প্ৰণালী নিশ্চিত কৰাৰ বাবে চাৰিটা স্নায়ু-মানসিক ৰোগৰ ক্ষেত্ৰত নিদানিক পৰীক্ষণ কৰা আৰু চিকিৎসক তথা বিজ্ঞানীসকলক উন্নত প্রশিক্ষণ প্রদান কৰি মানসিক স্বাস্থ্য তথা স্নায়ুবিজ্ঞানৰ চিকিৎসাৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰি তোলা।
Published by:Manjumoni Borah
First published: