• Home
  • »
  • News
  • »
  • nation
  • »
  • বাৰাণসীত 'প্ৰধানমন্ত্ৰী গতি শক্তি মাল্টিমডেল জলপথ সন্মিলন, ২০২২'ৰ উদ্বোধনী অনুষ্ঠান মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ; উপস্থিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো

বাৰাণসীত 'প্ৰধানমন্ত্ৰী গতি শক্তি মাল্টিমডেল জলপথ সন্মিলন, ২০২২'ৰ উদ্বোধনী অনুষ্ঠান মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ; উপস্থিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো

বাৰাণসীত 'প্ৰধানমন্ত্ৰী গতি শক্তি মাল্টিমডেল জলপথ সন্মিলন, ২০২২'ৰ উদ্বোধনী অনুষ্ঠান মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

বাৰাণসীত 'প্ৰধানমন্ত্ৰী গতি শক্তি মাল্টিমডেল জলপথ সন্মিলন, ২০২২'ৰ উদ্বোধনী অনুষ্ঠান মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

বাৰাণসী টাৰ্মিনেলৰ বাবে শূণ্য নিৰ্গমন হাইড্ৰজেন ইন্ধন চেলযুক্ত যাত্ৰীবাহী কেটামাৰান জাহাজ উন্নীত কৰাৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হোৱাৰ কথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ঘোষণা কৰে।

  • Share this:
'প্ৰধানমন্ত্ৰী গতি শক্তি' আঁচনিৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে দেশৰ আভ্যন্তৰীণ জলপথ ব্যৱস্থাক পুনৰুজ্জীৱিত কৰাৰ বাবে বাৰাণসীক কেন্দ্ৰ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি আৰম্ভ কৰিছে। চলিত 'প্ৰধানমন্ত্ৰী গতি শক্তি মাল্টিম'ডেল জলপথ সন্মিলন, ২০২২'ৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই পদক্ষেপসমূহৰ কথা ঘোষণা কৰে। অনুষ্ঠানটোত বাৰাণসীত ৩ টা জেটি, বালিয়াত ২ টা আৰু চন্দৌলি, গাজীপুৰত এটাকৈ জেটিৰে মুঠ ৭ টা সামূহিক জেটিৰ আজি শুভ উদ্বোধন কৰা হয়। আন ৮ টা জেটিৰো আধাৰশিলা স্থাপন কৰে সৰ্বানন্দ সোণোৱাল আৰু যোগী আদিত্যনাথে।


বাৰাণসী টাৰ্মিনেলৰ বাবে শূণ্য নিৰ্গমন হাইড্ৰজেন ইন্ধন চেলযুক্ত যাত্ৰীবাহী কেটামাৰান জাহাজ উন্নীত কৰাৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হোৱাৰ কথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ঘোষণা কৰে। তদুপৰি, আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰ বাৰাণসীলৈ চাৰিখন বৈদ্যুতিক হাইব্ৰিড জাহাজ আগবঢ়োৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়।

কেন্দ্ৰীয় চৰকাৰে ৫০ পেক্স ক্ষমতাৰ ৮ খন বৈদ্যুতিক হাইব্ৰিড জাহাজ উন্নীতকৰণৰ বাবে ১৩০ কোটি টকাৰ বাজেট মঞ্জুৰ কৰিছে, যিবোৰ ৰাষ্ট্ৰীয় জলপথ-১ (গংগা)ৰ মাধ্যমেৰে উত্তৰ প্ৰদেশৰ বাৰাণসী, অযোধ্যা, মথুৰা, বৃন্দাবন আৰু ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ)ৰ মাধ্যমেৰে অসমত চলাচল কৰা হ'ব। উল্লেখযোগ্য যে, অহা বৰ্ষৰ আৰম্ভণিতে জানুৱাৰী মাহত ভাৰতৰ দীৰ্ঘতম ক্ৰুজ সেৱা আৰম্ভ হ'ব, যি বাৰাণসীৰ পৰা আৰম্ভ কৰি বগীবিলত প্ৰৱেশ কৰিব। ৪০০০ কিঃমিঃ নদী পথজোৰা এই যাত্ৰাই নদী আন্তঃগাঁথনি আৰু পৰ্যটনক এক নতুন গতি দিব আৰু ই ৫০ টা পৰ্যটনস্থলী তথা বিভিন্ন বিশ্ব ঐতিহ্যক্ষেত্ৰকো সামৰি ল'ব।



অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আধুনিক, দক্ষ, ব্যয়সাপেক্ষ আৰু বহনক্ষম পৰিবহণ ব্যৱস্থাৰ সহায়ত কাৰ্গ' আৰু যাত্ৰী পৰিবহণৰ এক বিকল্প পদ্ধতি বিকশিত কৰাৰ বাবে আমি আভ্যন্তৰীণ জলপথক সমৃদ্ধিশালী কৰিবলৈ তৎপৰতাৰে কাম কৰি আছোঁ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত দেশজুৰি ৰূপায়ণ হৈ থকা প্ৰধানমন্ত্ৰী গতি শক্তি আঁচনি হৈছে দেশৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পৰ্যাপ্ত আন্তঃগাঁথনি সক্ষম কৰাৰ এক ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন। অভ্যন্তৰীণ জলপথৰ সবলীকৰণ তথা পুনৰুজ্জীৱিতকৰণে দেশৰ ভিতৰুৱা অঞ্চলসমূহলৈ অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধি কঢ়িয়াই আনিব তথা ব্যৱসায় আৰু নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ সুযোগ মুকলি কৰিব। জেটিসমূহৰ বিকাশ আমাৰ চৰকাৰৰ বন্দৰ-নেতৃত্বাধীন উন্নয়নৰ সৈতে সামঞ্জস্যপূৰ্ণ, যিয়ে নিৰৱচ্ছিন্নভাৱে মাল্টি মডেল সংযোগ উন্মুক্ত কৰাত সহায় কৰিব। আমি সকলোৱে দেশৰ আগন্তুক অমৃতকালৰ সময়ত আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা উজাৰি দিব লাগিব যাতে ভাৰত প্ৰকৃতাৰ্থতে আত্মনিৰ্ভৰ হৈ জিলিকি উঠে।" লগতে সোণোৱালে কয়, "পৱিত্ৰ গংগা কেৱল ভাৰতৰ আধ্যাত্মিক জীৱনীশক্তিয়েই নহয়, এয়া হৈছে দেশৰ অৰ্থনৈতিক বিকাশক পুষ্টি প্ৰদান কৰা চালিকাশক্তিস্বৰূপ। আজি বাৰাণসীত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি আৰু উন্নীত কৰা জেটিসমূহে উত্তৰ প্ৰদেশ, বিহাৰ, বংগৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলকো যথেষ্ট উপকৃত কৰিব।"


উল্লেখ্য যে, জল মাৰ্গ বিকাশ প্ৰকল্প-২ৰ অধীনত, যাক আৰ্থ গংগা বুলিও জনা যায়, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে গংগা নদীৰ সমীপত ৬২টা সৰু সামূহিক জেটি উন্নীত কৰি আছে।


অনুষ্ঠানত ভাষণ প্ৰদান কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে, প্ৰধানমন্ত্ৰী গতি শক্তি যোজনাৰ সহায়ত কেৱল উত্তৰ প্ৰদেশেই নহয়, সমগ্ৰ দেশ ইয়াৰদ্বাৰা যথেষ্ট উপকৃত হ'ব আৰু অৰ্থনৈতিক উন্নতি ত্বৰান্বিত হ'ব। আজিৰ পদক্ষেপবোৰৰ লগতে শেহতীয়া আঁচনিবোৰে উত্তৰ প্ৰদেশৰপৰা কৃষিজাত আৰু অন্যান্য সামগ্ৰীৰ ৰপ্তানিত সহায় কৰিব। এইক্ষেত্ৰত অভ্যন্তৰীণ জলপথৰ জৰিয়তে সাগৰীয় বন্দৰসমূহৰ সংযোগীকৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সবল প্ৰচেষ্টাৰ বিশেষ শলাগ লয়।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীদ্বয় পীয়ুষ গোয়েল, মহেন্দ্ৰ নাথ পাণ্ডে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় শান্তনু ঠাকুৰ আৰু শ্ৰীপদ নায়েক, বাংলাদেশৰ মন্ত্ৰী খালিদ মাহমুদ চৌধুৰী, উত্তৰ প্ৰদেশৰ মন্ত্ৰী প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি